দেশবাসীৰ বাবে ভাল খবৰ। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনলৈ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে।
প্ৰকাশ পাডুকনে প্ৰদৰ্শন কৰা উৎকৃষ্ট খেলৰ বাবে এই সন্মান আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। বিশ্ব চেম্পিয়নশ্বিপত বিজয়ী হোৱা প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনে এই স্বীকৃতিত প্ৰফুল্লতা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ১৯৮০ চনত প্ৰকাশ পাডুকনৰ বিশ্ব ৰেংকিত ১ নম্বৰ স্থানত আছিল। প্ৰকাশ পাডুকনৰ খেলুৱৈ প্ৰতিভাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা অৰ্জুন বঁটা আৰু পদ্মশ্ৰী সন্মান লাভ কৰিছে।