আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে। ২৫০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছে।
বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি, ভাৰতীয় মূলৰ মহিলা কমলা হৰিশে ১ ঘণ্টা ২৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। জ’ বাইদেনৰ শাৰীৰিক অসুস্থতাৰ বাবে কমলা হৰিশে ৰাষ্ট্ৰপতিৰ পদৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে।
শাৰিৰীক অসুস্থতাৰ পৰা আৰোগ্য লাভ কৰি জ’ বাইদেনে ২০২৪ চনত ৰাষ্ট্ৰপতিৰ পদৰ নিৰ্বাচন খেলিবৰ বাবে তেওঁ ইচ্ছুক বুলি ঘোষণা কৰে। অনুৰাগীসকলৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে ২০২৪ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ বাবে কমলা হৰিশে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা বিভিন্ন উৎসই প্ৰকাশ কৰিছিল। জ’ বাইদেনৰ ঘোষণাই আগন্তুক নিৰ্বাচনত কি প্ৰভাব পেলাব বা কমলা হৰিশে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব নে নবঢ়াই এয়া লক্ষ্যনীয় হ’ব।