ছুইডেনৰ ইতিহাস সলনি হৈছে। ছুইডেনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে মহিলা প্ৰধানমন্ত্ৰী। মেগডালেনা এণ্ডাৰছন প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে অলপতে নিৰ্বাচিত হৈছে।
ছ’ছিয়েল ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী মেগডালেনাই অধিক ভোট লাভ কৰি প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। সংসদত তেওঁৰ পক্ষত ১৭১ জন সদস্যই ভোটদান কৰে। আনহাতে তেওঁৰ বিপক্ষে ১৭৪ জন সদস্যই ভোটদান কৰিছিল। পিছে প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰাৰ্থীৰ বাবে সংসদৰ গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনৰ প্ৰয়োজন নাই। গতিকে গৰিষ্ঠসংখ্যক ভোট লাভ নকৰা স্বত্বেও মেগডালেনা এণ্ডাৰছন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।
ছুইডেনৰ ৰজা কাৰ্ল ষোড়শ গুষ্টাভক সাক্ষাৎ কৰি মানডালেনা এণ্ডাৰছনে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ছ’ছিয়েল ডেম’ক্ৰেটিক দলৰ নেত্ৰী হিচাপে এণ্ডাৰছনে নৱেম্বৰ মাহৰ আগভাগত দায়িত্বভাৰ গ্ৰহণ কৰিছিল।