দেশৰ ৰাজধানী চহৰ দিল্লীৰ প্ৰদূ্ষণক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয় ৷ এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ ওপৰত ক্ষুন্ন হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহন কৰিবলৈ কেন্দ্ৰ, দিল্লী চৰকাৰ আৰু দিল্লীৰ সমীপৱর্তী ৰাজ্যৰ চৰকাৰসমুহক ২৪ ঘণ্টাৰ সময় প্ৰদান কৰিছে ৷ আজি এই সন্দর্ভত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহন কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰৰ নিৰুদ্বিগ্নতাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় ‘ আমি দেখিছো যে কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ যাৰ বাবে দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা ৷ কেবল সময়ৰ অপব্যৱহাৰ কৰা হৈছে ৷ৰাষ্ট্ৰীয় ৰাজধানী আৰু সমীপৱর্তী চহৰসমুহৰ প্ৰদূষণক লৈ একেৰাহে চাৰি সপ্তাহ শুনানি গ্ৰহণ কৰিবলগীয়া হৈছে ৷’ দিল্লীৰ বায়ু প্ৰদূষণৰ হাৰ দুগুন কৰা ওদ্যৌগিক আৰু বাহনৰ প্ৰদু্ষণৰ মাত্ৰা নিয়ন্ত্ৰনৰ ব্যৱস্থা ২৪ ঘণ্টাৰ ভিতৰত গ্ৰহণ নকৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছে উচ্চতম ন্যায়ালয়ে ৷
মুখ্য ন্যায়াধীশ এন ভি ৰমনে কয় “অমি কাইলৈ পুৱা পুনৰ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰিম ৷ তেতিয়াৰ ভিতৰত আপোনালোকে সঁহাৰি প্ৰদান কৰক ৷ অন্যথা আমাক বাধ্য নকৰিব …. আমি কঠোৰ ব্যৱস্থা ল’ম ৷ যদি আপোনালোকে নোৱাৰে আমি কৰিম ৷যদি আপোনালোকে নির্দেশ বিচাৰে,তেনেহ’লে আমি নির্দেশ দিম ৷অপোনালোকৰ চৰকাৰ চলাবলৈ আমি কাৰোবাক প্ৰশাসক নিযুক্তি দিম ৷” ইপিনে দিল্লী চৰকাৰে ঘৰৰ পৰাই কাম কৰা, যাৰ মন যায় বিদ্যালয়লৈ অহাৰ দৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ন্যায়ালয়ক পতিয়ন নিয়াবলৈ চেষ্টা কৰে ৷ কিন্তু ক্ষুন্ন ন্যায়ালয়ে কয় “ গুলী চলাবলৈ আমাৰ কান্ধ ব্যৱহাৰ নকৰিব ৷ যদি আপোনালোকে কয় যে যাৰ মন যায় তেওঁলোকহে আহিব পাৰে , তেতিয়া সকলো আহিব ৷ এই সময়ত কোনে ঘৰত বহি থাকিব বিচাৰিব ৷”