ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্বক লৈ বাদ-বিবাদ চলি থকাৰ সময়তে ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰীয়ানত অনুষ্ঠিত হ’ব লগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম খন টেষ্ট মেচৰ বাবে বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটো দক্ষিণ আফ্ৰিকালৈ আজি ৰাওনা হয় ৷
এইটো মাহতে ভাৰতে তিনিখন টেষ্ট আৰু তিনিখনকৈ এদিনীয়া খেল খেলাৰ বাবে আফ্ৰিকালৈ ৰাওনা হৈছে৷ খেলকেইখনৰ বাবে ইতিমধ্যে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে যদিও ভাৰতীয় দলত কোন কোন আছে এতিয়ালৈকে সঠিককৈ জানিব পৰা হোৱা নাই ৷ ভাৰতৰ প্ৰাক্তন অ’পেনাৰ তথা বিবৃতিদাতা ( কমেণ্টেটৰ) আকাশ চোপ্ৰাই এই যাত্ৰাৰ বাবে ইতিমধ্যে ১৫জনীয়া এটা দল নিৰ্বাচন কৰিছে ৷টেষ্ট মেচৰ সহ অধিনায়ক অজিংক্য ৰহানে আৰু অ’পেনাৰ শুভমন গিলক দলৰ পৰা বাহিৰ কৰি দিয়াৰ লগতে আকাশ চোপ্ৰাই এইবাৰ ৰোহিত শৰ্মা আৰু কে এল ৰাহুলক দলটোৰ অ’পেনাৰ হিচাপে নিৰ্বাচিত কৰিছে৷
আকাশ চোপ্ৰাৰ দ্বাৰা টেষ্ট চিৰিজৰ বাবে নিৰ্বাচিত পোন্ধৰজনীয়া দলটোৰ ভাৰতীয় খেলুৱৈ সকল হ’ল-অধিনায়ক বিৰাট কোহলী,ৰোহিত শৰ্মা,চেতেশ্বৰ পূজাৰা,কে এল ৰাহুল,ময়ংক আগৰৱাল,শ্ৰেয়স আয়াৰ,শাৰ্দুল ঠাকুৰ ,হনুমা বিহাৰী,ঋষভ পণ্ট,ৰবিন্দ্ৰ জাদেজা,অশ্বিন,উমেশ যাদৱ,মহম্মদ চিৰাজ ,জশপ্ৰীত বুমহাৰ আৰু মহম্মদ চমী ৷