যোৱা ১৬ ডিচেম্বৰ বৃহস্পতিবাৰে চৌদি আৰবৰ জেদাহত অৱস্থিত পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাত মুক্তি লাভকৰিলে বহু প্ৰত্যাশিত হিন্দী বোলছবি ‘৮৩’ৰ ট্ৰেইলৰে৷
বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু তেওঁৰ পত্নী তথা বলিউড জগতৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণে একমূহুৰ্তৰ বাবে ইজনে সিজনলৈ অপলক নেত্ৰে চাই পৰস্পৰে পৰস্পৰৰ হাতত ধৰি আশ্চৰ্য্যচকিত হৈ উপভোগ কৰিলে চলচিত্ৰ প্ৰেমীয়ে অধীৰ অপেক্ষাৰে বাট চাই থকা ছবি ‘৮৩’ৰ ট্ৰেইলৰ ৷ দুই বলিউড তাৰকাই একেলগে ডুবাইৰ বুৰ্জ খলিফাত নিজৰ ছবিৰ ট্ৰেইলৰ উপভোগ কৰা এই আকৰ্ষণীয় দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ আনহাতে ‘৮৩’ৰ ট্ৰেইলৰ উন্মোচনৰ মূহুৰ্তত দেখা পোৱা গ’ল পত্নী মিনি মাথুৰ সহ ছবিখনৰ পৰিচালক কবিৰ খান , ক্ৰিকেট তাৰকা কপিল দেৱ আৰু মহিন্দৰ অমৰনাথক ৷