বিধ্বংসী টাইফুনত তচনচ হৈ পৰিছে ফিলিপাইনছ ৷ এইবছৰৰ শক্তিশালী টাইফুনত এতিয়ালৈ দেশখনত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ২০৮ জনলৈ বৃদ্ধি পাইছে ৷ দেশখনৰ আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য ৷ বিগত কেইবাবছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ বুলি চিনাক্ত হোৱা এই টাইফুনত আহত হৈছে ২৩৯ জন লোক৷ তদুপৰি ৫২ জন লোক সন্ধানহীন হৈ আছে ৷ অর্চিপিলাগ’ৰ মধ্য আৰু দক্ষিণ অঞ্চলত টাইফুনে চলোৱা সংহাৰত সমগ্ৰ অঞ্চলটো বিধ্বস্ত হৈ পৰিছে ৷ যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা টাইফুনৰ পৰা বাচিবলৈ ৩ লাখ লোকে ঘৰ-বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে ৷ এই টাইফুনত দেশখনৰ বিভিন্ন অঞ্চলত বহু লোকৰ ঘৰ দুৱাৰ সম্পূর্নৰূপে ধ্বংস হৈ পৰাৰ লগতে গছ-গছনি উভালি পৰিছে ৷ টাইফুনৰ বাবে দেশখনত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ লগতে সাময়িকভাৱে বিঘ্নিত হৈ পৰিছে বিদ্যুৎ সেৱা ৷ উল্লেখ্য যে প্ৰতিবছৰে অধিক শক্তিশালী ৰূপ ধাৰণ কৰি আহিছে টাইফুনে ৷ বিজ্ঞানীসকলে সতর্ক কৰি দিছে যে গোলকীয় উত্তাপ বৃদ্ধি পোৱাৰ ফলত টাইফুন শক্তিশালী হৈ পৰিছে আৰু অধিক বিধ্বংসী হৈ পৰিছে ৷