এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত ২১ ডিচেম্বৰত চেমি ফাইনেলত পৰাজিত হৈ ভাৰতীয় হকী দলটো খেলৰ বাহিৰ হয় ৷ জাপানৰ বিৰুদ্ধে ৩-৫ গ’লত পৰাস্ত হোৱা ভাৰতে গ্ৰুপ পৰ্যায়ত ৬-০ গ’লত জাপানৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় দলটোৱে গ্ৰূপত শীৰ্ষ স্থান দখল কৰি ছেমিফাইনেলত প্ৰবেশ কৰাৰ বিপৰীতে জাপান আছিল গ্ৰুপ পৰ্য্যায়ৰ চতুৰ্থ স্থানত ৷গ্ৰুপৰ খেলত জাপানক ধৰাশায়ী কৰিছিল ভাৰতে ৷ সেয়েহে একে ফলাফল ছেমি ফাইনেলতো দেখিবলৈ পোৱা যাব বুলি আশাবাদী আছিল ক্ৰীড়াপ্ৰেমী সকল ৷ কিন্তু তেওঁলোকে এইবাৰ দেখা পালে এখন সম্পূৰ্ণ বিপৰীত ছবি ৷ ইয়াৰ পূৰ্বৰ সংস্কৰণত ভাৰত আৰু পাকিস্তান যুগ্ম বিজয়ী হৈছিল ৷ বৰষুণৰ বাবে খেল অনুষ্ঠিত নোহোৱাত দুয়োটা দলকে চূড়ান্ত খেলৰ যুগ্ম বিজয়ী ঘোষণা কৰা হৈছিল ৷