পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ পাছত দীর্ঘদিন ধৰি নিজকে চাৰিবেৰৰ মাজতে আৱদ্ধ কৰি ৰখা বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান পুনৰ উভতি আহিছে ছুটিঙলৈ ৷ আনন্দ এল ৰায়ে ২০১৮ চনত নির্মাণ কৰা জিৰ’ৰ পাছত শ্বাহৰুখৰ কোনো ছবিয়েই বক্স অফিচত মুক্তি লাভ কৰা নাই ৷ অৱশ্যে তেওঁ নতুন ছবি পাঠানৰ ছুটিঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷ সমান্তৰালভাৱে তেওঁক দেখা যাব ছলমান খানৰ নতুন ছবি টাইগাৰ থ্ৰীত ৷ প্ৰকাশ পোৱা অনুসৰি টাইগাৰ থ্ৰীত শ্বাহৰুখ খানে অভিনয় কৰিব ৰ’ৰ বিষয়াৰ চৰিত্ৰত ৷ টাইগাৰ থ্ৰীৰ বাবেও শ্বাহৰুখ খানে আৰম্ভ কৰিছে ছুটিঙৰ কাম ৷
মিড ডে’ত প্ৰকাশিত বাতৰি অনুসৰি শ্বাহৰুখে মুম্বাইত ১২ দিনৰ বাবে টাইগাৰ থ্ৰীৰ ছুটিং কৰিব। ইয়াৰ পিছতে তেওঁ দীপিকা পাডুকনৰ সৈতে পাঠানৰ দৃশ্যগ্ৰহণৰ বাবে বিদেশলৈ যাব। আন্ধেৰীৰ যশ ৰাজ ষ্টুডিঅ’ত চলিব টাইগাৰ থ্ৰীৰ ১২ দিনীয়া দৃশ্যগ্ৰহণ ৷ এই ছবিখনৰ কেইবাটাও দৃশ্যত দেখা যাব ছলমান আৰু শ্বাহৰুখক ৷ ইয়াৰ পাছতে তেওঁ বিদেশত দীপিকা পাডুকনৰ সৈতে পাঠানৰ এটা ৰোমাণ্টিক গানৰ দৃশ্যগ্ৰহণ কৰিব ৷