জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চই গুৱাহাটী কমার্চ কলেজৰ সহযোগত গুৱাহাটী কমার্চ কলেজৰ সভাগৃহত আয়োজন কৰা জ্যোতি সংগীতৰ বিশেষ প্রশিক্ষণ কর্মশালাখনৰ আজি শুভাৰম্ভ কৰা হয় ।
এগছি মঙ্গল বন্তি প্রজ্বলেনেৰে কর্মশালাখনিৰ শুভাৰম্ভ কৰে জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চৰ সভানেত্রী ড০ অনিমা চৌধুৰীয়ে ।
আজি প্রথম দিনা মুঠ তিনিটা গানৰ প্রশিক্ষণ প্রদান কৰা হয় । ৰূপকোঁৱৰৰ নিমাতী কইনা নাটৰ গান জয় “ৰূপমুগ্ধ”, কাৰেঙৰ লিগিৰি নাটৰ গান “বনৰীয়া আমি বনৰ চৰাই” আৰু ৰূপালীম নাটৰ গান “অ’ সখী আজি” গানকেইটাৰ প্রশিক্ষণ প্রদান কৰে কর্মশালাখনিৰ মুখ্য প্রশিক্ষক ৰঞ্জন কুমাৰ ভট্টাচার্য্য, মঞ্চৰ সভানেত্রী ড০ অনিমা চৌধুৰী আৰু সাধাৰণ সম্পাদিকা ড০ সঙ্গীতা কাকতিয়ে ।
প্রশিক্ষণত সহযোগিতা কৰে অনামিকা নাথ, পিঙ্কুমণি চৌধুৰী, ইন্দ্রানী বৰা, সুনয়না গোস্বামী শর্মা, , ধৰম চন্দ্র শর্মা আৰু জ্যোতি বিকাশ মেধিয়ে ।