খেল চলি থকাৰ সময়তে গ’লকীপাৰৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হয় এজন ফুটবলাৰৰ ৷ আলজেৰীয়াৰ এক ঘৰুৱা লীগত সংঘটিত হয় এই আচৰিত ঘটনা ৷ খেল চলি থকাৰ সময়তে নিজ দলৰ গ’লকীপাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ কিছু সময়ৰ পিছতেই মৃত্যুক আঁকোৱালি লয় ফুটবলাৰ ছ’ফিয়ানে লৌকাৰে ৷
আলজেৰীয়াৰ স্থানীয় সংবাদ পত্ৰই সদৰী কৰা মতে শণিবাৰে ফুটবল ক্লাব এম চি ছাইডাৰ অধিনায়ক ২৮বছৰীয়া ছ’ফিয়ানে লৌকাৰৰ সৈতে তেওঁৰ দলৰ গ’লকীপাৰৰ সংঘৰ্ষ হয় আৰু ফুটবলাৰ গৰাকী খেলপথাৰতে বাগৰি পৰে ৷ তাৎক্ষণিক ভাৱে তেওঁক তাতেই প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু কিছুসময়ৰ পিচতে তেওঁ পুনৰ খেলিবলৈ ধৰে ৷ কিন্তু দহ মিনিট খেলাৰ পিচত পুনৰ খেলপথাৰৰ মাজত পৰি যায় লৌকাৰ ৷
লগে লগে তেওঁক এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়া হয় যদিও বাটতে মৃত্যুক আঁকোৱালি লয় খেলুৱৈগৰাকীয়ে ৷ চিকিৎসকৰ মতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লৌকাৰৰ ৷