ভাৰতৰ প্ৰথমগৰাকী ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ জীৱনৰ ওপৰত নির্মাণ হ’ব ছবি ৷ অভিনেতা-প্ৰযোজক নিখিল দ্বিবেদীয়ে প্ৰযোজনা কৰিব এই ছবিখন ৷ নতুনকৈ নির্মাণ কৰিবলগীয়া এই ছবিখন পৰিচালনা কৰিবৰ বাবে ফাৰহা খানৰ সৈতে অব্যাহত আছে যোগাযোগ ৷ ছুপাৰষ্টাৰ গৰাকীৰ জীৱনক লৈ গৌতম চিন্তামণিয়ে ৰচনা কৰা “ডাৰ্ক ষ্টাৰ” নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ ভিত্তিত ছবিখন নির্মাণ কৰিবলৈ ইতিমধ্যে নিখিল দ্বিবেদীয়ে অনুমতি লাভ কৰিছে ৷ উল্লেখ্য যে আনন্দ, আৰাধনা, কটি পটং, অমৰ প্ৰেম আৰু খামোচীৰ দৰে চলচ্চিত্ৰত ৰাজেশ খান্নাই কৰা অভিনয়ে দর্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
চেতন আনন্দে নির্মাণ কৰা আখৰী খত নামৰ ছবিৰ জৰিয়তে ১৯৬৬ চনত বলিউদত আত্মপ্ৰকাশ কৰিছিল ৰাজেশ খান্নাই ৷ ছুপাৰষ্টাৰ জনৰ জীৱনৰ ওপৰত ছবি নির্মাণৰ বাবে সুযোগ লাভ কৰি তেওঁ যথেষ্ট আনন্দিত বুলি প্ৰকাশ কৰিছে নিখিল দ্বিবেদীয়ে ৷ অৱশ্যে ছবিখনৰ আন কোনো তথ্য এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ৷