পাঞ্জাৱৰ হৰবংশ সিং সম্প্ৰতি চৰ্চিত এটি নাম। ১০০ বছৰ বয়সত নাতিয়েকৰ দায়িত্ব বহন কৰিবলৈ ২০০ কেজিৰ খাদ্য সামগ্ৰী কঢ়িয়াই ঘূৰি ফুৰা বৃদ্ধ তৰুণজন বহুতৰ বাবে আদৰ্শ।
১০০ বছৰীয়া হৰবংশ সিঙৰ দুজন পুত্ৰৰ এজনৰ মৃত্যু ঘটে আৰু পাৰিবাৰিক কাৰণত এজন তেখেতৰ পৰা পৃথকে থাকিবলৈ লয়। মৃত পুত্ৰৰ পত্নীয়ে সন্তান এৰি ঘৰ ত্যাগ কৰাৰ পাছত নাতিয়েকৰ পঢ়াৰ খৰচৰ বাবে বৃদ্ধ সিঙে কঢ়িয়াব লগা হৈছে দায়িত্বৰ গধুৰ বোজা।
নাতিয়েকহঁতৰ পঢ়া তথা অন্যান্য অভাৱ পূৰণ কৰিবলৈ সিঙে এখন দুচকীয়া গাড়ীৰে আলু-পিয়াজ বিক্ৰী কৰি ফুৰা দৃশ্য অঞ্চলটোৰ বাবে চিনাকী। নিজৰ বয়সতকৈ দুগুণ বেছি বোজা কঢ়িওৱা হৰবংশৰ মত কৰ্মই ধৰ্ম।
তথ্য অনুসৰি ১৯২০ চনত আজিৰ পাকিস্তানৰ লাহোৰ চহৰত হৰবংশ সিঙৰ জন্ম হৈছিল। দেশ বিভাজনৰ পাছত ভাৰতলৈ গুচি আহিছিল হৰবংশ আৰু তেখেতৰ পৰিয়াল। শিখ পৰিয়ালৰ এক আত্মনিৰ্ভৰশীল সন্তান হিচাপে বহু বছৰ ধৰি পাচলি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল হৰবংশ।
১০০ বছৰ বয়সতো তৰুণ হৈ থকা সিঙে মৃত্যুলৈ ভয় নকৰে। কাৰণ জীৱন-মৃত্যু ভগৱানৰ হাতত। সিঙৰ ভাষাৰে তেঁও এতিয়াও সক্ষম আৰু দায়িত্ব ল’ব পৰাকৈ বহু বছৰ জীয়াই থাকিব।
হৰবংশ সিঙৰ কষ্ট আৰু নাতিনীয়েকহঁতৰ প্ৰতি থকা দায়িত্বৰ বাবে কঢ়িওৱা কষ্টৰ কথা সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিভিন্ন ব্যক্তিয়ে বৃদ্ধজনৰ দায়বদ্ধতাক ধন্যবাদ জনাই তেখেতক সহায় কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ কৰে।
উল্লেখযোগ্য যে বৃদ্ধজনৰ ভাইৰেল ভিডিঅ’ দেখি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে তেখেতলৈ ৫ লাখ টকাৰ তৎকালীন সাহাৰ্য আগবঢ়াব বুলি প্ৰকাশ কৰে। লগতে তেখেতে স্থানীয় অনুষ্ঠানবোৰকো হৰবংশ সিঙলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনায়।