স্পেচএক্স ড্ৰেগন নামৰ মহাকাশযানখনেৰে চাৰিজন লোক তিনি দিনৰ বাবে মহাকাশলৈ যোৱাৰ পিছত এইবাৰ মহাকাশলৈ প্ৰেৰণ কৰা হ’ব আন এখন ব্যক্তিগত মহাকাশযান ৷ ইয়াৰ বাবে যাৱতীয় অনুমতি প্ৰদান কৰিছে নাছাই ৷ মহাকাশ গৱেষণা সংস্থাটোৱে মহাকাশলৈ যাবলৈ অনুমতি প্ৰদান কৰা যান খনৰ নাম হৈছে একজিয়ম-১ ৷ মাইকেল লোপেজ এলগ্ৰিয়া, লেৰী কনৰ, মাৰ্ক পেথি আৰু আইটান ষ্টিব নামৰ মহাকাশচাৰীকেইজন এই যানেৰে মহাকাশলৈ যাব ৷ এসপ্তাহতকৈও অধিক সময় তেওঁলোকে স্পেচ ষ্টেচনত থাকিব ৷
নাছাই প্ৰকাশ কৰা অনুসৰি চাৰিওজন মহাকাশচাৰীয়ে চিকিৎসা সন্দর্ভীয় অনুমোদন লাভ কৰিছে ৷ এই মহাকাশযানখন অহা ২৮ ফেব্ৰুৱাৰীত উৎক্ষেপন কৰাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে নাছাই দ্বিতীয়খন ব্যক্তিগত মহাকাশযান প্ৰেৰণৰ বাবে একজিয়মৰ সৈতে আন এক চুক্তি স্বাক্ষৰ কৰিছে ৷
স্পেচএক্স আৰু ব্ল’ অৰিজিনৰ পিছত একজিয়ম হ’ব বাণিজ্যিক মহাকাশ ভ্ৰমণৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ সৈতে চুক্তি কৰা তৃতীয় কোম্পানী। এই অভিযানত তিনিখন দেশৰ মহাকাশচাৰীয়ে প্ৰথম ব্যক্তিগত অভিযানৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছে । দলটোত নাছাৰ প্ৰাক্তন মহাকাশচাৰী আৰু একজিয়মৰ উপ-সভাপতি মাইকেল লোপেজ এলগ্ৰিয়া কমাণ্ডাৰ হিচাপে থাকিব ৷ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত তেওঁলোকে ৮ দিন কটাব ৷