ছুপাৰ স্পর্ট পার্কত অনু্ষ্ঠিত প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত ৷ প্ৰথমখন টেষ্টত ১১৩ ৰানত জয়লাভ কৰি তিনিখনীয়া শৃংখলাত ১-০ অগ্ৰগতি লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলটোৱে ৷ এই ষ্টেডিয়ামত দক্ষিন আফ্ৰিকাক পৰাজিত কৰা প্ৰথম এছীয় দল হৈছে ভাৰত ৷ চতুর্থ দিনৰ শেষৰফালে দুটা উইকেট দখল কৰি বুমৰাহে ভাৰতীয় দলটোৰ বাবে জয়ৰ দুৱাৰ খুলি দিছিল ৷ পঞ্চম দিনটোত আৰম্ভনিৰে পৰা উইকেট দখলৰ বাবে ভাৰতীয় বলাৰসকলে তীব্ৰ যত্ন কৰা পৰিলক্ষিত হয় ৷ ইয়াৰ বিপৰীতে এলগাৰৰ সৈতে যুটী বান্ধি দলক আগুৱাই নিয়ে টেম্বা বাভুমাই ৷ কিন্তু ব্যক্তিগত ৭৭ ৰাণত এলগাৰক বিদায় দি প্ৰথমটো আঘাট হানে বুমৰাহে ৷ ইয়াৰ পাছতে তেওঁক সংগ দিয়ে কুইণ্টন ডি ককে ৷ এই যুটীটোৱে দ্ৰতগতিৰে আগুৱাই নিয়ে দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ ৷ কিন্তু ২১ ৰাণত ছিৰাজৰ বলত উভতি যায় তেওঁ ৷ পৰৱর্তী উইকেট মুণ্ডাৰক আউট কৰে মহম্মদ ছামীয়ে ৷ ভোজন বিৰতিৰ পাছতে পুনৰ ছামীয়ে আন এটা উইকেট দখল কৰে ৷ ৩০৫ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা ঘৰুৱা দলটোক ১৯১ ৰাণতে সীমাৱদ্ধ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ বুমৰাহ আৰু ছামীয়ে তিনিটাকৈ আৰু ছিৰাজ তথা অশ্বিনে দু্টাকৈ উইকেট লাভ কৰে ৷ প্ৰথম ইনিংছৰ শতৰাণকাৰী কে এল ৰাহুলে মেচৰ শ্ৰেষ্ঠ খিতাপ লাভ কৰে ৷