দলবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে ৰহাৰ বিধায়ক শশীকান্ত দাসক ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই এক নির্দেশযোগে দাসক নিলম্বন কৰে ৷ শাসনাধিষ্ঠিত দল বিজেপিৰ সৈতে হলিগলি কৰাৰ পাছতে বিধায়কজনক কংগ্ৰেছে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল ৷ উল্লেখ্য যে বিগত বিধানসভা অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক গামোচা পিন্ধাই সম্বর্ধনা জনোৱাৰ লগতে ভৰি চুই সেৱা জনোৱাৰ উপৰি দল ত্যাগ নকৰিলেও চৰকাৰৰ লগতহে থাকিব বুলি মতপোষণ কৰিছিল ৷ ইয়াৰ পাছতে বিধায়ক গৰাকীলৈ কংগ্ৰেছে জাননী জাৰি কৰিছিল ৷ বিধায়ক দাসক বিধায়িনী দলৰ বৈঠকলৈ আমন্ত্ৰন জনোৱা হৈছিল যদিও তেওঁ উপস্থিত থকা নাছিল ৷ যাৰ বাবে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা আৰম্ভ কৰিছিল দলটোৱে