সোমবাৰে দ্বিতীয় টেষ্টৰ প্ৰথম দিনটোত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছতে মাত্র ২০২ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আনহাতে দিনটোৰ খেলৰ শেষত দক্ষিণ আফ্রিকাই তেওঁলোকৰ প্ৰথম ইনিংছতে এটা উইকেটত ৩৫ ৰাণ কৰিবলৈ সক্ষম হয়। প্ৰথম দিনাই দলটোৰ মুঠ ১১টা উইকেট পৰিছিল ৷ দক্ষিণ আফ্রিকা প্ৰথম ইনিংছৰ ভিত্তিত ভাৰতীয় দলৰ পৰা মাত্ৰ ১৬৭ৰাণ পিছ পৰি আছে আৰু ৯টা উইকেটেই বাকী আছে । তিনিখন খেলৰ শৃংখলাত ভাৰতীয় দলটো ১-০ত আগবাঢ়ি আছে। ২৯ বছৰ ধৰি ভাৰতীয় দলটোৱে কেতিয়াও দক্ষিণ আফ্রিকাত টেষ্ট শৃংখলা জিকিবলৈ সক্ষম হোৱা নাই।
বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতীয় দলৰ হৈ টেষ্ট অধিনায়ক কে এন ৰাহুলে টচত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু আজিংক্য ৰাহানেয়ে শূণ্য আৰু চেতেশ্বৰ পূজাৰাই ৩ ৰাণ কৰি আউট হোৱাত সকলো নিৰাশ হয় ৷
যি দেখা গ’ল ভাৰতে আকৌ এবাৰ মিডল অৰ্ডাৰৰ বিফলতাৰ ফল ভুগিছে ৷ পৰৱৰ্তী ইনিংছত দলটোৱে কেনে ধৰণৰ খেল প্ৰদৰ্শন কৰে সেয়া সময়ত পৰিলক্ষিত হ’ব ৷