‘চাথ নিভানা চাথিয়া’ শীৰ্ষক সৰু পৰ্দাৰ এখন জনপ্রিয় ধাৰাবাহিকৰ যোগেদি শক্তিশালী অভিনয়েৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা সুদৰ্শন যুৱক বিশাল সিং এইবাৰ জনপ্রিয় ৰিয়েলিটি শ্ব’ বিগ-বচ ১৫ত। তেওঁৰ লগতে বিগবচলৈ আহিছে মুনমুন দত্ত, আকাংক্ষা পুৰী আৰু সুৰভি চন্দনা।
সংবাদ মাধ্যমৰ আগত ‘বিগ-বচ’ৰ প্ৰতিযোগিতাৰ বিষয়ে বিশালে কয় যে, কৰণ কুন্দ্ৰা আগৰপৰাই তেওঁৰ অন্তৰংগ বন্ধু আনহাতে দেবলিনা ভট্টাচার্যৰ স’তে ইতিমধ্যেই তেওঁ একেটা শ্ব’তে কাম কৰিছে আৰু তেওঁ লোক দুয়োজনো অৱশ্যেই ভাল বন্ধু। আনহাতে এই দুগৰাকীৰ বাহিৰেও ওমৰ ৰিয়াজ বৰ্তমান তেওঁৰ দৃষ্টিত ‘বিগ-বচ’ৰ এজন সুদক্ষ খেলুৱৈ আৰু সমিতা ছেট্টিও তেওঁৰ প্ৰিয়। কিন্তু তেওঁ এই কথা ভাবি আচৰিত হৈছে যে যিটো সময়ত তেওঁলোকে অধিক শক্তিশালী হৈ, সক্রিয় হৈ চিজনটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰয়োজন আছিল সেই সময়ত কিন্তু তেওঁলোকে খেলতকৈও নিজৰ ব্যক্তিগত সম্পৰ্ককহে বেছি গুৰুত্ব দি থকা পৰিলক্ষিত হৈছে ৷ বিশালে আক্ষেপ কৰি কয় যে, এই সময়ত তেওঁলোকে শ্ব’ৰ টাস্ক সমূহত ভালকৈ গুৰুত্ব দিয়া প্ৰয়োজন আছিল ।