টেনিছৰ বিশ্ব ৰেংকিঙত শীর্ষ স্থানত থকা তাৰকা ন’ভাক জকোভিচক প্ৰব্ৰজনকাৰী চেণ্টাৰৰ পৰা মুক্তি দিবলৈ নির্দেশ দিছে অষ্ট্ৰেলিয়াৰ এখন আদালতে ৷ যোৱা সপ্তাহত মেলবৰ্ণ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তাৰকা গৰাকীৰ ভিছা বাতিল কৰা হৈছিল ৷ ক’ভিডৰ সম্পূৰ্ণৰূপে টীকাকৰণ নোহোৱাৰ বাবেই ন’ভাক জকোভিচক দেশখনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । জকোভিচে তেতিয়াৰ পৰা অষ্ট্ৰেলিয়াৰ প্ৰব্ৰজনকাৰী চেণ্টাৰৰ অধীনত এখন হোটেলত চাৰি নিশা অতিবাহিত কৰিবলগীয়া হয় ৷ ইয়াৰ পাছতে তাৰকাগৰাকীৰ অধিবক্তাই তেওঁৰ মুক্তিৰ বাবে আদালতৰ দ্বাৰস্থ হৈছিল ৷ অৱশ্যে আদালতত জয়লাভ কৰিলেও বিপদ আতঁৰা নাই তাৰকাগৰাকীৰ ৷ কিয়নো এজন চৰকাৰী অধিবক্তাই তেওঁক সতৰ্ক কৰি দি কয় যে অষ্ট্ৰেলিয়াই জকোভিচক দেশখনৰ পৰা অপসাৰণৰ নিৰ্দেশ দিবলৈ মন্ত্ৰীৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰিব পাৰে ৷ এনে বিশেষ পদ্ধতিৰে তেওঁক তিনি বছৰৰ বাবে নিষিদ্ধ কৰাৰ ক্ষমতা আছে দেশখনৰ চৰকাৰৰ হাতত ৷ অষ্ট্ৰেলিয়াৰ চৰকাৰ আদালতত পৰাজিত হোৱাৰ পাছতে অধিবক্তা ক্ৰিষ্টোফাৰ ট্ৰানে ন্যায়াধীশক অৱগত কৰে যে ইমিগ্ৰেচন মন্ত্ৰী এলেক্স হকে কাৰ্যবাহী ক্ষমতা ব্যৱহাৰ কৰি জকোভিচৰ বিৰুদ্ধে পদক্ষেপ ল’ব পাৰে।