ইউৰোপীয়ান সংসদৰ অধ্যক্ষ ডেভিদ ছাচোলিৰ ৬৫ বছৰ বয়সত দেহাৱসান ঘটিছে ৷ তেওঁৰ মুখপাত্ৰ ৰবেৰ্টো কুইলোৱে এক টুইটযোগে এই কথা সদৰী কৰিছে ৷ ইটালীত চিকিৎসাধীন অৱস্থাতে তেওঁৰ নিশা ১.১৫ বজাত মৃত্যু হয় ৷ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ বাবে ছাচোলীক ২৬ ডিচেম্বৰৰ পৰা ইটালীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ২০০৯ চনত ইউৰোপীয়ান সংসদলৈ তেওঁ নিৰ্বাচিত হৈছিল। ২০১৪ চনতো তেওঁ সংসদলৈ নির্বাচিত হয় আৰু সংসদৰ উপাধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই মাহৰ শেষৰ ফালে নতুন অধ্যক্ষ নিযুক্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া নির্বাচনত পুনৰ অৱতীৰ্ণ নোহোৱাৰ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ফ্ৰান্সৰ ষ্ট্ৰাছবাৰ্গত মুখ্য কাৰ্যালয় থকা ইউৰোপীয়ান সংসদে ইউৰোপীয়ান ইউনিয়নৰ ৰ ৪৫০ নিযুত নাগৰিকক প্ৰতিনিধিত্ব কৰে ৷