টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক পদ ত্যাগ কৰিবলৈ বিৰাট কোহলীয়ে লোৱা সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ভাৰতীয় দলটোক দীঘলীয়া ফর্মেটত কোনে নেতৃত্ব দিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ৷ কোহলীৰ উত্তৰসূৰী হিচাপে চর্চালৈ আহিছে ৰোহিত শর্মাৰ নাম ৷ ইয়াৰ মাজতে প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰে যুৱ উইকেটকিপাৰ ঋষভ পন্টক টেষ্টৰ অধিনায়ক হিচাপে যোগ্য বুলি মতপোষণ কৰিছে ৷ এইক্ষেত্ৰত গাভাস্কাৰক সমর্থন জনাইছে যুৱৰাজ সিঙে ৷ টুইটাৰত যুৱৰাজ সিঙে কয় “সঠিক ! ষ্টাম্পৰ পিছফালে থাকি ভালদৰে ক্ৰিকেটক অধ্যয়ন কৰি আহিছে পন্টে ৷ “ শনিবাৰে গাভাস্কাৰে কৈছিল যে ঋষভ পন্টক পৰৱৰ্তী ভাৰতৰ অধিনায়ক হিচাপে চাবলৈ তেওঁ অপেক্ষা কৰি আছে ৷
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পূর্বে ৰোহিত শৰ্মাক টেষ্ট দলৰ উপ-অধিনায়ক হিচাপে নির্বাচিত কৰা হৈছিল ৷ ৰোহিত শর্মা এই ভ্ৰমণৰ পৰা বাহিৰ হোৱাৰ লগে লগে কে এল ৰাহুলে ভাৰতীয় দলটোৰ অধিনায়কত্বৰ দায়িত্ব পালন কৰিছিল ৷ কিয়নো কোহলীয়ে জোহান্সবাৰ্গ টেষ্টত অংশ লোৱাৰ পৰা বিৰত আছিল ৷ যশপ্ৰীত বুমৰাহে উপ অধিনায়কৰ ভূমিকা পালন কৰিছিল। ৰাহুলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক তিনিখন এদিনীয়া শৃংখলাতো ভাৰতীয় দলটোক নেতৃত্ব দিব। পণ্টে কেতিয়াও কোনো ফৰ্মেটত ভাৰতীয় দলক নেতৃত্ব দিয়া নাই যদিও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ বৰ্তমানৰ তেওঁ অধিনায়ক।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টেষ্টৰ শৃংখলাত দলটোক নেতৃত্ব দিয়াৰ মাত্ৰ এদিন পিছতে ৩৩ বছৰীয়া বিৰাট কোহলীয়ে অধিনায়ক পদ এৰাৰ কথা ঘোষণা কৰিছিল ৷