বলিউডৰ জনপ্ৰিয় অভিনেতা তথা চলচিত্ৰ পৰিচালক ফাৰহান আখটাৰে পিতৃ জাভেদ আখটাৰৰ ৭৭ তম জন্মদিনত ইনষ্টাগ্ৰামত দেউতাকৰ এখন পুৰণি ফট’ আপলোড কৰিছে যি তেওঁলোকৰ অনুৰাগী সকলক যথেষ্ট আবেগিক কৰি তুলিছে ৷ আনহাতে এই ফট’ আপদে’টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফাৰহানৰ প্ৰেয়সী শিবানী দাণ্ডেকাৰেও৷
বলিউডৰ প্ৰিয় গীতিকাৰ জাভেদ আখটাৰে আজি ১৭ জানুৱাৰীত ৭৭ বছৰত ভৰি থৈছে ৷ সেয়েহে তেওঁৰ বিশেষ দিনটো চিহ্নিত কৰি পুত্ৰ ফাৰহান আখটাৰে দেউতাকৰ এখন পুৰণি ফটো বিচাৰি উলিয়াই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ১৯৪৫ চনৰ ১৭ জানুৱাৰীত জাভেদ আখটাৰৰ গোৱালিয়ৰত জন্ম হৈছিল।
জনপ্ৰিয় সামজিক মাধ্যম ইন্ষ্টাগ্ৰামৰ ফটোখনত এজন ডেকা জাভেদ আখটাৰক সাগৰৰ পাৰত থিয় হৈ দৃশ্য উপভোগ কৰি থকা দেখা গৈছে। স্নেপটো শ্বেয়াৰ কৰি ফাৰহানে লিখিছে, “মই সদায় তোমাক এনেদৰেই জানোঁ।” চিন্তাশীল, অস্থিৰ, কৌতূহলী আৰু সদায়ে অগতানুগতিক কিবা এটা বিচাৰি থকা। আশা কৰোঁ তুমি উপলব্ধি কৰিব পাৰিছা যে যে এনেদৰে জীয়াই থাকিবলৈ তুমি কিমান যে অনুপ্ৰাণিত কৰিছা। শুভ জন্মদিন পা.. (চিক)।”