বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই আমেৰিকান অভিনেতা-গায়ক নিক জোনাছৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত সদায়েই যাক মংগলসূত্ৰ পিন্ধা দেখা গৈছিল এইবাৰ তেওঁ মঙ্গলসূত্ৰ পিন্ধাৰ বিষয়ে কি অনুভৱ কৰিছে শেহতীয়াকৈ তাক মুকলিকৈ ব্যক্ত কৰিছে ।
প্ৰিয়ংকাই তেওঁৰ ইনষ্টাগ্ৰাম পৃষ্ঠাত এটা গহনা ব্ৰেণ্ডৰ বাবে এটা ব্ৰেণ্ড এণ্ডোৰ্চমেণ্ট শ্বেয়াৰ কৰিছিল যিয়ে এক আধুনিক মঙ্গলসূত্ৰ তৈয়াৰ কৰিছে। অভিনেত্ৰী গৰাকীয়ে এগৰাকী বিবাহিত মহিলা হিচাপে মঙ্গলসূত্ৰ পিন্ধাৰ কথা কৈছিল, “মোৰ মনত আছে যেতিয়া মই প্ৰথমবাৰৰ বাবে মংগলসূত্ৰ পিন্ধিছিলো… কাৰণ আমি ইয়াৰ অৰ্থ কি সেই ধাৰণাটোৰ সৈতে ডাঙৰ হৈছোঁ। এইটো মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল। একে সময়তে, এগৰাকী আধুনিক মহিলা হিচাপে, মই ইয়াৰ অৰ্থৰ প্ৰতিক্ৰিয়াও বুজি পাওঁ। মই মঙ্গলসূত্ৰ পিন্ধাৰ ধাৰণাটো ভাল পাওঁ নে এইটো অত্যাধিক পুৰুষতান্ত্ৰিক? কিন্তু একে সময়তে, মই সেই প্ৰজন্ম যি এক প্ৰকাৰৰ মাজভাগত আছে। আপুনি পৰম্পৰা বজাই ৰাখিব কিন্তু আপুনি কোন আৰু কিহৰ বাবে থিয় দিছে সেইটো প্ৰথমতে জানি লওঁক ৷ আৱশ্যে এই ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ ছোৱালীবোৰে বেলেগ কিবা এটা কৰা অমি নিশ্চয় দেখিবলৈ পাম।”
অভিনেত্ৰী গৰাকীয়ে ২০১৮ চনৰ ডিচেম্বৰত নিকৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতেই মঙ্গলসূত্ৰ পিন্ধি ওলাই আহিছিল।বিয়াৰ পিছৰ পৰা দম্পতীহালে তিনি বছৰ ধৰি লছ এঞ্জেলছৰ অভিজাত বাসগৃহত সুখেৰে বৈবাহিক জীৱন অতিবাহিত কৰিছে। প্ৰিয়ংকাই আমেৰিকা যুক্তৰাষ্ট্ৰতো প্ৰায়ে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতি কেনেদৰে অনুসৰণ কৰি আছে তাৰ আভাস দিবলৈ চেষ্টা কৰি আহিছে।