মহৰ্ষি মহেশ যোগীৰ জন্ম জয়ন্তী উপলক্ষে ভূপালৰ অংকুৰ খেলপথাৰত বৈদিক পণ্ডিতসকলৰ বাবে অনুষ্ঠিত হয় এক ব্যতিক্ৰমী ক্ৰিকেট প্ৰতিযোগিতা ৷ ‘সংস্কৃতি বচাও মঞ্চ’ৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ তিৱাৰীয়ে মঙলবাৰে (১৮ জানুৱাৰী) পিটিআইক কয়, “এই প্ৰতিযোগিতাৰ খেলুৱৈসকল হৈছে বেদ অনুসৰি ৰীতি-নীতি পালন কৰা খেলুৱৈ।
ভূপালত দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে য’ত অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত ধুতি (বা মুণ্ডু) আৰু কূৰ্তা পিন্ধি খেলপথাৰত নামিছে। তেওঁলোকে সংস্কৃতত ইজনে সিজনৰ সৈতে কথা পাতে আৰু খেলৰ ভাষ্যও প্ৰদান কৰা হয় সংস্কৃতত। তেওঁ কয় যে চাৰিদিনীয়া প্ৰতিযোগিতাখন আয়োজন কৰাৰ লক্ষ্য হৈছে বৈদিক পৰিয়ালৰ মাজত প্ৰাচীন সংস্কৃত ভাষা আৰু ক্ৰীড়াৰ প্ৰচাৰ কৰা।
বিজয়ী দলসমূহৰ বাবে নগদ পুৰষ্কাৰৰ উপৰিও, খেলুৱৈসকলক বৈদিক কিতাপ আৰু ১০০ বছৰীয়া পাঞ্চাং (পঞ্জিকা)ৰে সন্মানিত কৰা হৈছে।
পৰম্পৰাগত পোছাকত ক্ৰিকেট খেলাৰ প্ৰত্যাহ্বানৰ বিষয়ে সোধাত তিৱাৰীয়ে কয়, “ধুতি-কুৰ্তা পোছাকত ফিল্ডিং কৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হোৱা নাই খেলুৱৈসকল। মই সোমবাৰৰ খেলৰ সময়ত ছয় আৰু চাৰিও মাৰিছিলোঁ।”
তেওঁ কৈছিল যে বিভিন্ন বৈদিক প্ৰতিষ্ঠানৰ দলসমূহে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। তিৱাৰীয়ে কৈছিল যে সংস্কৃতত ভাষ্যৰ সৈতে এনে এখন প্ৰতিযোগিতা আগতে কাশীত খেলা হৈছিল।