অলিম্পিকত পদক জয় কৰিলে ভাৰতীয় এথলীটে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। কেন্দ্ৰীয় চৰকাৰ, ভাৰতীয় অলিম্পিক সংস্থা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ খেলৰ লগত জড়িত আঁচনি সমূহে এই কথা ব্যক্ত কৰিছে । প্ৰাপ্ত বাতৰি মতে অলিম্পিকত পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলক বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি ধন লাভ কৰা খেলুৱৈ হিচাপে পৰিচিত কৰোৱা হ’ব । দৈনিক জনমভূমি কাকতৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই কথা ।
উল্লেখ্য যে ভাৰতীয় অলিম্পিক সংস্থাই ঘোষণা কৰা মতে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰতিজন ভাৰতীয় প্ৰতিযোগীক ৰাষ্ট্ৰীয় ক্ৰীয়া ফ্যেডাৰেছনৰ পৰা ২৫ লাখকৈ টকা দিয়াৰ উপৰিও স্বৰ্ণপদক বিজয়ীসকলক ৭৫ লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।আনহাতে ৰূপৰ পদক বিজয়ীক ৪০ লাখকৈ আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ২৫ লাখ টকা পুৰস্কাৰ হিচাপে দিয়া হ’ব ।
কাকতখনত উল্লেখ কৰা মতে অলিম্পিকত পদক বিজয়ী ভাৰতীয়ই যি আৰ্থিক পুৰস্কাৰ লাভ কৰিব সেই পুৰস্কাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, অলিম্পিকৰ আয়োজক জাপান, কানাডা, জাৰ্মানি , অষ্ট্ৰেলিয়া ,ফ্ৰান্স , ইটালি , ৰাছিয়া , নেডাৰলেণ্ড , ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাই তেঁওলোকৰ পদক বিজয়ী এথলীটৰ বাবে ঘোষণা কৰা ধনৰাশিতকৈ বেছি ।
ভাৰতত উত্তৰ প্ৰদেশ , হাৰিয়ানা , উৰিষ্যা , চট্টীছগড় আৰু চণ্ডীগড়ে ইতিমধ্যে সেই ৰাজ্যৰ কোনো এথলীটে অলিম্পিকত স্বৰ্ণপদক জয় কৰিলে ৬ কোটিকৈ টকা দিব বুলি ঘোষণা কৰিছে । হাৰিয়ানা , উৰিষ্যা , চট্টীছগড়ে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক বিজয়ীৰ বাবে ক্ৰমে ৪ কোটি আৰু ২.৫ কোটি টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে ।আনহাতে চণ্ডীগড় আৰু উত্তৰ প্ৰদেশে ক্ৰমে ৪ কোটি আৰু ২কোটি টকা ৰূপৰ আৰু ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈৰ বাবে ঘোষণা কৰিছে ।
কাকতখনত উল্লেখ কৰা মতে ৰাজ্যসমূহৰ উপৰিও ভাৰত চৰকাৰৰ আঁচনিমতে অলিম্পিকত স্বৰ্ণপদক বিজয়ীয়ে ৭৫ লাখ টকা , ৰূপৰ পদক বিজয়ীয়ে ৫০ লাখ টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ীয়ে ৩০ লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব ।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় অলিম্পিক সংস্থাই ঘোষণা কৰা নগদ ধনৰ এই পুৰস্কাৰ সমূহ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰধান ৰাষ্ট্ৰসমূহতকৈ বেছি ।