চমু চাপিছে ৰাজনৈতিক ভাৱে দেশৰ ভিতৰতে সর্বাধিক গুৰত্ব থকা উত্তৰ প্ৰদেশৰ নির্বাচনৰ দিন ৷ বিভিন্ন বিষয়ক লৈ উত্তাল হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতিৰ ক্ষেত্ৰ ৷ ইয়াৰ মাজতে সমাজবাদী পার্টীৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ বোৱাৰীয়ে বিজেপিত যোগদান কৰাৰ বাতৰিয়ে ব্যাপক চর্চা লাভ কৰিছে ৷ শুকুৰবাৰে যাদৱৰ বোৱাৰী অপৰ্ণা যাদৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল ৷ এইক্ষেত্ৰত অর্পনাক বাধা দিবলৈ যাদৱ পৰিয়ালে যথেষ্ট চেষ্টা কৰিছিল যদিও অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তেওঁ বিজেপিত যোগদান কৰিছিল ৷ অৱশ্যে বিজেপিত যোগদান কৰাৰ পাছতে বোৱাৰী অপর্না যাদৱক আর্শীবাদ দিয়া দেখা গ’ল মুলায়ম সিং যাদৱক ৷ ইতিমধ্যে অপর্না যাদৱে ছছিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আর্শীবাদ গ্ৰহণ কৰাৰ ফটো ৷ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে পূর্বে প্ৰকাশ কৰিছিল যে তেওঁৰ পিতৃয়ে অপৰ্ণাক দল সলনি কৰাৰ পৰা বিৰত ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিছিল।
भारतीय जनता पार्टी की सदस्यता लेने के पश्चात लखनऊ आने पर पिताजी/नेताजी से आशीर्वाद लिया। pic.twitter.com/AZrQvKW55U
— Aparna Bisht Yadav (@aparnabisht7) January 21, 2022
উল্লেখ্য যে অপৰ্ণা যাদৱ হৈছে মুলায়ম সিং যাদৱৰ দ্বিতীয় পত্নীৰ পুত্ৰ প্ৰতীক যাদৱৰ পত্নী ৷ অপর্নাই উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু দলৰ ৰাজ্যিক মুৰব্বী ছতন্তৰ দেৱ সিঙৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি অপৰ্ণা যাদৱে কয় যে দেশৰ স্বাৰ্থক সদায়ে তেওঁৰ বাবে অগ্ৰাধিকাৰ হৈ আহিছে ৷ পৰিষ্কাৰ পৰিচ্ছন্নতা, মহিলা সৱলীকৰণ আৰু নিযুক্তিৰ বাবে বিজেপি চৰকাৰৰ কেইবাখনো আঁচনিৰো প্ৰশংসা কৰে অপর্নাই ৷