বলিউডৰ দেশী গাৰ্ল খ্যাত জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই সামাজিক মাধ্যম যোগে তেওঁৰ অনুৰাগী সকলক জনালে তেওঁ মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাৰ খবৰ ৷ অত্যাধুনিকতা, বিজ্ঞানৰ ও প্ৰযুক্তিৰ যুগত ছাৰ’গেচিৰ যোগেদি মাতৃত্ব লাভ কৰিলে মোহময়ী অভিনেত্ৰী গৰাকীয়ে ৷ আনহাতে এই ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰিবলৈ তেওঁ সামিজিক মাধ্যম যোগে সকলোকে আহ্বান জনালে ৷
জনপ্ৰিয় সামাজিক মাধ্যম ইণ্ষ্টাগ্ৰামৰ ব্যক্তিগত একাউণ্টৰ যোগেদি তেওঁ এক পোষ্ট শ্বেয়াৰ কৰি কয় যে ,’মই এই কথা আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই ছাৰ’গেছিৰ যোগেদি আমাৰ সন্তানক স্বাগতম জনাইছোঁ আৰু এই বিশেষ মূহুৰ্তত মই গোপনীয়তা বাহাল ৰাখিবলৈ সকলোকে অনুৰোধ জনাইছোঁ ৷ কাৰণ এই সময়ছোৱা মই একান্তভাৱে মোৰ পৰিয়ালৰ সৈতে কটাবলৈ বিচাৰোঁ ৷ সকলোকে ধন্যবাদ !’
২০১৮চনত মোহময়ী ভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা আৰু গায়ক ,পৰিচালক নিক বিবাহ পাশত আবদ্ধ হৈছিল ৷ আজি কিছুদিনৰ আগতে তেওঁলোকে তৃতীয় বিবাহ বাৰ্ষিকী পালন কৰে ৷ অৱশ্যে কিছুদিন আগতে প্ৰিয়ংকাই নিজৰ ইণ্ষ্টাগ্ৰাম একাউণ্টৰ পৰা স্বামী নিক জ’নছৰ উপাধি হঠাৎ আতৰাই দিয়াক লৈ দুয়োৰে সম্পৰ্ক বিচ্ছেদ হোৱাৰ এক বাতৰি সকলোৰে কাণত পৰিল৷ অৱশ্যে বৰ্তমান সময়ত ই এক উৰাবাতৰি হিচাপে পৰিগণিত হ’ল ৷