কৰ্মসূত্ৰে অসমৰ পৰা দূৰৈত থাকিও নিজৰ পৰম্পৰা জীয়াই ৰখাৰ লগতে অনা অসমীয়া ৰাইজকো অসমৰ সংস্কৃতি-পৰম্পৰাৰ কথা অৱগত কৰিছে এই অসমীয়া যুৱককেইজনে ৷
দক্ষিণ ভাৰতীয় পৰম্পৰাত ধূতি-চাৰ্ট পিন্ধা বহুতেই অনুসৰণ কৰে কিন্তু তেওঁলোকে অসমৰ অসমীয়া পৰম্পৰাগত ধূতি-কুৰ্টা-গামোচা পিন্ধি দেখুৱালে দক্ষিণ ভাৰতীয় সকলক । ক’লে অসমীয়া পৰম্পৰাৰ কথা,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ৷
সময় সুবিধা পালেই অসমৰ কথা, কাজিৰঙাৰ কথা, মাজুলীৰ কথা, ড০ ভূপেন হাজৰিকাৰ কথা বেলেগ ৰাজ্যৰ মানুহক কৈ ভালপোৱা এই অসমীয়া যুৱককেইজনে ভাদ মাহত নাম-কীৰ্তন আয়োজন কৰাৰ লগতে গণেশ পূজাৰ দিনা অসমীয়া পৰম্পৰাত প্ৰসাদ তৈয়াৰ কৰি দক্ষিণ ভাৰতীয় লোকক অৱগত কৰালে প্ৰসাদৰ গুণ সম্পৰ্কে ৷ আনহাতে এই মাহ-প্ৰসাদ কিমান স্বাস্থ্যকৰ এই বিষয়েও কৈ কেঁচা বুট-মগু হজম হ’বলৈ প্ৰসাদত আদা দিয়া আৰু তাৰ পাছত কল-কুঁহিয়াৰ খোৱা আদিলৈকে সকলো তেওঁলোকক বুজাই দিলে ৷ অসমৰ বাহিৰত থাকি অসমীয়া জাতিৰ ঐতিহ্যক আন জাতি সমূহৰ আগত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত ই নিশ্চয় তেওঁলোকৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷
অনহাতে অসমীয়া জাতিৰ ভেটি স্থাপন কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিষয়ে যে বহু বেলেগ বেলেগ ৰাজ্য, বেলেগ দেশৰ মানুহেও গৱেষণা কৰিছে আৰু তেওঁ তেতিয়াৰ দিনত এজন কিমান গুণী-জ্ঞানী লোক আছিল সেই কথা কৈ মহাপুৰুষ জনাৰ বিষয়ে নজনা অন্ধ্ৰ প্ৰদেশৰ অনা-অসমীয়া লোক সকলক জনালে তেওঁলোকে।
সামাজিক মাধ্যমত এই বিষয়ে সকলোকে অৱগত কৰি নতুন প্ৰজন্মক আহ্বান জনাই তেওঁলোকে ক’লে যে বিশ্বায়নৰ যুগত আমি বেলেগৰ সংস্কৃতি আদি শিকাৰ উপৰিও যে নিজৰ সংস্কৃতিকো সমানে আগুৱাই লৈ গৈ বেলেগক চিনাকি কৰাই দিব লাগিব সেই কথা অনুধাৱন কৰিয়েই এনে এক সুন্দৰ পদক্ষেপ লোৱা উচিত ৷ সেয়েহে কেৱল আনৰবোৰ শিকি নিজকে পাহৰি আমাৰ শিপা নোহোৱা কৰাতকৈ আমাৰ শিপা মজবুত কৰি ৰখাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব ৷ ।