অসমৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ ৷ সোমবাৰে নিশা দেহাৱসান ঘটে অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ ৷ সোমবাৰে নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চিত্ৰশিল্পী গৰাকীয়ে ৷
উল্লেখযোগ্য যে অসমৰ একন আগশাৰীৰ আলোচনী ‘প্ৰান্তিক’ৰ সৈতে বহুবছৰ জড়িত হৈ আছিল ৰবীন বৰুৱা ৷ আনহাতে বিভিন্ন সময়ত তেওঁৰ বিভিন্ন চিত্ৰ কৰ্মৰ লগতে নৱ প্ৰজন্মক চিত্ৰশিল্পৰ প্ৰশিক্ষণ দি পোহৰৰ সন্ধান দিছিল তেওঁ ৷ প্ৰচাৰ বিমূখ ,অতি শান্ত প্ৰকৃতিৰ আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ৰবীন বৰুৱা শিক্ষক হিচাপেও সদায়েই বৰ প্ৰিয় আছিল শিশু সকলৰ ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অসমে হেৰুৱালে এজন প্ৰকৃত শিল্পীক ৷