অসমৰ তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিভাবান কণ্ঠশিল্পী শৰৎ ৰাগ ৷ যি অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি অসমবাসী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে কেৱল অসমতেই নহয় সময়ে সময়ে অসমৰ বাহিৰতো অনুষ্ঠান পৰিবেশন কৰি আহিছে এই জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷ অলপতে হাৰিয়ানাৰ গুৰগাঁৱত অসমীয়া সংগীত পৰিবেশনেৰে সকলোকে আপ্লুত কৰিলে তেওঁ ৷ হাৰিয়ানাৰ অসম এচোচিয়েচন আৰু প্ৰধান মন্ত্ৰীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আঁচনি আৰু হাৰিয়ানা ৰাজ্যৰ সহযোগত পালন কৰা হৈছিল ‘অসম প্ৰতিষ্ঠা দিৱস’ ৷ চুকাফাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা এই অনুষ্ঠানত হাৰিয়ানাৰ মন্ত্ৰী মূলচান্দ শৰ্মাই চুকাফাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু এনে অনুষ্ঠানে দুইখন ৰাজ্যৰ মাজৰ বান্ধোন কটকটীয়া কৰিব আৰু এক ভাৰতৰ সপোন দিঠকত পৰিণত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে ৷এই সভাৰ অংগ হিচাপে আয়োজন কৰা সংগীতানুষ্ঠানত শৰৎ ৰাগে অসমৰ সংগীত সম্পদৰ কিছু অংশ পৰিবেশন কৰে ৷ তেওঁ বৰগীত ,লোকগীত আদিৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ-ভূপেন হাজৰিকালৈকে সামৰি এক দীঘলীয়া সংগীতানুষ্ঠান পৰিবেশন কৰে ৷ উল্লেখনীয় যে শৰৎ ৰাগ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা সংগীতৰ স্নাতকোত্তৰ আৰু বৰ্তমান অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলাৰ সহকাৰী অধ্যাপক ৷