বৰ্তমান বলিউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন। কেৱল অভিনয়ৰ ক্ষেত্ৰখনতেই নহয় , বেডমিন্টন খেলৰ ক্ষেত্ৰতো সমানে পাকৈত তাৰকা গৰাকী। এই কথা সকলোৱে জানে যে দীপিকাৰ পিতৃ প্ৰকাশ পাডুকন ভাৰতৰ এজন বিখ্যাত বেডমিন্টন চেম্পিয়ন। সেই সুত্ৰে খেলৰ অনুপ্ৰেৰণাও অভিনেত্ৰীগৰাকীয়ে পাইছে পিতৃৰ পৰা।
উল্লেখ্য যে দীপিকা পাডুকনে এক সময়ত জাতীয় স্তৰতো বেডমিন্টন খেলিছিল। সম্প্ৰতি তাৰকা গৰাকীৰ খেলাৰ ধৰণ দেখি অভিভূত হৈছে বৰ্তমান সময়ৰ দেশৰ অন্যতম মহিলা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু। প্ৰাপ্ত তথ্য মতে এটি ভিডিঅ‘ত খেলুৱৈ গৰাকীয়ে দীপিকাৰ সম্পৰ্কে এক ভাল মন্তব্য কৰিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত সেই ভিডিঅ’ প্ৰচাৰ কৰিছে দীপিকাই।
![](https://voice24x7.in/wp-content/uploads/2021/09/PV_Sindhu_Deepika.jpg)
প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্ৰীগৰাকীয়ে অলপতে ইনষ্টাগ্ৰামত এটি ভিডিঅ’ প্ৰচাৰ কৰিছে , য’ত তেঁওৰ লগত বেডমিন্টন খেলা দেখা গৈছে আন্তৰ্জাতিক বেডমিন্টন তাৰকা পি ভি সিন্ধুক। আনহাতে দীপিকাৰ লগত বেডমিন্টন খেলি অভিভূত হৈ সিন্ধুয়ে প্ৰশংসাসূচক মন্তব্য কৰিছে যে যদি দীপিকাই বেডমিন্টন খেলে, তেন্তে এগৰাকী ভাল খেলুৱৈ হ’ব পাৰিব। উল্লেখ্য যে কিছুদিন আগতে মুম্বাইৰ এখন ৰেষ্টোৰাঁত সিন্ধু , দীপিকা আৰু ৰণবীৰ কাপুৰক একেলগে দেখা গৈছিল।
![](https://voice24x7.in/wp-content/uploads/2021/09/deepika_padukone_pv_sindhu_1632226055046_1632226086582.webp)
বৰ্তমান বলিউডৰ ব্যস্ত অভিনেত্ৰী গৰাকীৰ ৰণবীৰ সিঙৰ লগত অভিনয় কৰা কপিল দেৱৰ বায়’পিক ৮৩ মুক্তিৰ অপেক্ষাত আছে। ইয়াৰ উপৰিও ঋতিক ৰোশনৰ লগত ফাইটাৰ , শ্বাহৰুখ খানৰ লগত পাঠান , অমিতাভ বচ্চনৰ লগত দ- ইন্টাৰ্ণ আদিৰ কাম সন্মুখত আছে অভিনেত্ৰী গৰাকীৰ। আনহাতে নাগ অশ্বিনৰ এখন ছবিতো বিগ বি আৰু প্ৰভাসৰ লগত দেখা যাব অভিনেত্ৰীগৰাকীক।