‘শব্দৰ ঘৰ’ নামৰ কাব্য সংকলন খনৰ শ্ৰষ্টা নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় তথা সু-কবি বঙাইগাঁৱৰ গেৰুকাবাৰীৰ বিশাল ৰায় ৷ সামাজিক মাধ্যমতো যাৰ কবিতা বহুলভাৱে সমাদ্ৰিত ৷ যুৱ-কবিগৰাকীয়ে যোৱা ছটা বছৰ ধৰি লিখিবলৈ চেষ্টা কৰা প্ৰথমখন কাব্য সংকলন ‘শব্দৰ ঘৰ’ আজি কিছুদিন আগতে প্ৰকাশ পায় ৷ গ্ৰন্থ খন গ্ৰন্থ মেলাৰ বিপনীসমূহলৈ আগবঢ়াই দিয়া সন্দৰ্ভত পাঠক সকলৰ আশিৰ্বাদ বিচাৰি তথা গ্ৰন্থখনৰ প্ৰকাশক ‘শংকৰদেৱ প্ৰকাশন’ৰ লগতে ইয়াৰ কৰ্মকৰ্তা বৃন্দ আৰু অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কবিক কৃতজ্ঞতা জ্ঞাপন কৰি সামাজিক মাধ্যম ফেচবুক যোগে কাব্যসংকলন খনৰ এখন ফট’ আপলোড কৰাৰ লগতে তেওঁ কয় যে কবিতা কি, কবিতাৰ সংজ্ঞা কি সেয়া আচলতে এটা জটিল প্ৰশ্ন আৰু ইয়াৰ উত্তৰো জটিল lকিয়নো সাধাৰণভাৱে আমি জানো যে ঘৰ সজা মিস্ত্ৰীৰ দৰে হ’বলগীয়া হয় কবিতাৰো কাৰিকৰ l তেওঁৰ মতে য’ত বালি, চিমেণ্ট, পানীৰ মিশ্ৰণ বৰ ভালদৰে জানিবলগীয়া হয় আৰু সঠিক ঠাইত দুৱাৰ, খিৰিকী স্থাপনকে আদি কৰি আছে ভিন্ন কথা ৷
যোৱা ছটা বছৰ ধৰি লিখিবলৈ যত্ন কৰা কেইটামান কবিতাৰ সমষ্টিৰে ‘শব্দৰ ঘৰ’ তেওঁৰ জীৱনৰ প্ৰথমখন কিতাপ l কবিতাৰ কাৰিকৰী বিদ্যাৰে চিত্ৰকল্প, ৰূপক বা প্ৰতীক আৰু সংযত শব্দৰ ব্যৱহাৰেৰে তেওঁ কবিতাবোৰ নিৰ্মাণ কৰিব পাৰিছে নে নাই সেয়া তেওঁ অৱশ্যেই নাজানে ৷ সেয়া জানিব কেৱল পাঠক ৰাইজেহে l
আনহাতে তেওঁ কয় যে নগাঁৱৰ শংকৰদেৱ প্ৰকাশনৰ উদ্যোগত “শব্দৰ ঘৰ”ৰ দুৱাৰত টুকুৰিয়াই তেওঁ এইবাৰ প্ৰৱেশ কৰিব বিচাৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটী ২০২২-২৩ বৰ্ষত ৷
নিজৰ সদ্যপ্ৰাশিত কাব্য সংকলনখন পাঠকে আদৰি ল’ব নে নল’ব সেই সন্দৰ্ভত কিছু অনিশ্চয়তাৰ মাজত থকা যুৱ কবিগৰাকীয়ে কয় যে গ্ৰন্থমেলাৰ বতৰত অসংখ্য ভাল আৰু জনপ্ৰিয় কিতাপৰ ভিৰ হয় আৰু সেই ভিৰৰ মাজত “শব্দৰ ঘৰ”খনিয়ে নিশ্চয় এখন অসহায় কিতাপ হিচাপে পাঠকৰ মুখলৈ চাই থাকিব l
সামাজিক মাধ্যমৰ এই প’ষ্টটিৰ যোগেদি কবি গৰাকীয়ে সমূহ পাঠক ৰাইজলৈ এটি অনুৰোধ জনালে যে কিতাপখন বিপনীত দেখি সংগ্ৰহ নকৰিলেও পৃষ্ঠাবোৰে যতনাই ৰখা কবিতাবোৰ যেন দুই-তিনিটামান পঢ়ি চাই গ্ৰন্থপ্ৰেমী ৰাইজে ৷ লগতে তেওঁ সকলোকে আহ্বান জনাই যে গ্ৰন্থখনিৰ ভাল নতুবা বেয়াখিনিক যেন সকলোৱে মুকলিকৈ সমালোচনা কৰে ৷
কথাখিনিৰ শেষত তেওঁ অসমৰ স্বনামধন্য ,জনপ্ৰিয় কবি নীলিম কুমাৰ,কবি কৌস্তূভমণি শইকীয়া দত্ত,আন এগৰাকী কবি গজেন মিলি ,কবি ধ্ৰুৱ কুমাৰ তালুকদাৰ,জনপ্ৰিয় যুৱ কবি কবি নীলাভ সৌৰভ, কবি কৌশিক কিশলয় আৰু শংকৰদেৱ প্ৰকাশন আৰু ইয়াৰ কৰ্মকৰ্তা সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
শেষত তেওঁ কয় যে নগাঁও গ্ৰন্থমেলাত উপলব্ধ হ’ব কবি গৰাকীৰ মানস পুত্ৰ সদৃশ কাব্যসংকলন “শব্দৰ ঘৰ” ৷