অসমীয়া জনমানসত ৰেখাপাত কৰা কুঁজী বুঢ়ীৰ কুঁজত লাগি ধৰাৰ বাবে বুঢ়ীয়ে বাঢ়নীৰে আকাশ খন কোবাই দিয়াত আকাশ খন ওপৰলৈ গুচি যোৱা সাধুকথাই যথেষ্ট মনোৰঞ্জনৰ খোৰাক জগাই তোলাৰ লগতে অসমীয়া সমাজত বাঢ়নীৰ মূল্যবোধৰ ওপৰত আলোকপাত কৰিছে।
লোক সংস্কৃতিৰ এক মূলবান সম্পদ অসমীয়া ঘৰ এখনত বাঢ়নীয়ে আগচোতালত বা চ’ৰা ঘৰত স্থান নাপালেও ভিতৰ কোঠা বা শোৱনি ঘৰত কিন্তু স্থান দখল কৰিবলৈ সক্ষম হৈছে। কোনো লোকক লঘু কৰিবলৈ বিশেষকৈ পদূলি শুঙা মানুহক ছুৱা বাঢ়নীৰে কোবাই শাস্তি দিয়া হয়।
সেয়েহে বাঢ়নীৰ নাম শুনিলে ভূত-প্ৰেত , অপদেৱতা আদি দূৰতে পলাই যায় বুলি লোক-সমাজত বিশ্বাস আছে। বাঢ়নীক বহুত তুচ্ছ জ্ঞান কৰা হয় যদিও দৈনন্দিন কাৰ্যত বাঢ়নী টাৰ নহলে কিন্তু নহয়। বিয়াৰ পিছৰ দিনাই ‘ন’ বোৱাৰীৰ হাতত বাঢ়নীয়ে হে শোভা পায়। নতুন ঘৰ খনত বোৱাৰী জনীৰ প্ৰথম মিতিৰালি চোতাল সাৰা বাঢ়নীৰ লগত।
অসমীয়া বিহুগীতত এনে চিত্ৰ সুন্দৰ ৰূপত প্ৰকাশ পাইছে-
” কাহানিকৈ আহিবা আমাৰ পিছে পিছে
দীঘলকৈ ওৰণি লৈ,
কেতিয়ানো সাৰিবা মোৰে বাহি চোতাল
হাততে বাঢ়নী লৈ।”
জনজাতীয় সমাজত আত্মীয় -কুটুম্বক বাঢ়নী উপহাৰ দিয়াটো আৰু তেওঁলোকৰ ঘৰ- দুৱাৰ সাৰি -পুচি দিয়াটো এগৰাকী জনজাতীয় নাৰীৰ গৌৰৱৰ বিষয়। হ’বলগীয়া ভাবী স্বামী বা শহুৰ -শাহুৰ মন জয় কৰা এয়া উত্তম আহিলা।
অসমীয়া নিচুকনি গীতটো বাঢ়নীৰ উল্লেখ মন কৰিব লগীয়া। মৰমৰ কোকায়েক জনৰ তুলনাত বৌজনী দন্দুৰী প্ৰকৃতিৰ। বছৰেকৰ মূৰত মাকৰ ঘৰত যাওঁতে কাৰ কাৰণে কি বস্তু লৈ যাব সেয়া উল্লেখ কঁৰোতে-
” আইলৈ আনিছোঁ শালৰ বৰকাপোৰ
বোপাইলৈ আনিছো খাৰ ,
ককাইলৈ আনিছো মুগাৰ বৰ চুৰিয়া
বৌলৈ বাঢ়নী টাৰ।”
অসমৰ বহুসংখ্যক জনগোষ্ঠীৰ মাজত বাঢ়নী এবিধ পৱিত্ৰ সামগ্ৰী। পূজা- পাৰ্বনতো বাঢ়নীৰ প্ৰয়োজনীয়তা আছে। নামনি অসমৰ ৰাজবংশী সকলে ‘কাতিগাছা’ অৰ্থাৎ কাতি বিহুৰ দিনাখন বাঢ়নী পূজা কৰে।উলুৱনিৰ পৰা নতুনকৈ কাটি অনা বাঢ়নীটাৰ তুলসী গছৰ ওচৰত আগলতি কলপাতত থৈ কলপাতত সেন্দুৰৰ ফোট আৰু এযোৰ তামোল-পান দি চাকি জ্বলাই গৃহদেৱীক প্ৰাৰ্থনা জনায়। উজনি অসমৰ সোনোৱাল – কছাৰী সকলৰ মাজত ব’হাগ বিহুৰ সময়ত অনুষ্ঠিত হোৱা হগ্ৰা উৎসৱত উলুখেৰক পূজা কৰা হয়।
বাঢ়নীৰ লগত নানা ধৰণৰ লোক বিশ্বাস জড়িত হৈ আছে-
বৰপেটা অঞ্চলত বিশ্বাস আছেযে নেৰা-নেপেৰাকৈ বৰষুণ দি থাকিলে বাঢ়নী-কাঠি এডাল বা তিনিডালৰ মূৰত পকা জলকীয়া টুপীৰ দৰে পিন্ধাই দি পানী পোতাত পুতি থলে বৰষুণ দিয়া বন্ধ হয়।
সকলো জনোগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজতে বিশেষকৈ লাগনিগছ , উঠি অহা লৰা-ছোৱালী আৰু গৰ্ভৱতী মাতৃ বা শিশুৰ মুখ ভাঙিবলৈ বাঢ়নী টাৰৰ ব্যৱহাৰ কৰা হয়। লাগনি গছে ফল নিদিলে বা ফল দিয়াৰ পিছত সৰি-পঁচি গলে গছ ডালত ছুৱা লাগিছে বুলি বিশেষকৈ অম্বুবাচীৰ সময়ত ছুৱা বাঢ়নী গছ ডালত বান্ধি দিয়াৰ নিয়ম আছে।
সৰু লৰা-ছোৱালীৰ বেমাৰ -আজাৰ হৈ থাকিলে বা কোনো কাৰণ নোহোৱাকৈ শুকাই -খীনাই গ’লে মুখ লগা বুলি ভৱা হয় আৰু ছুৱা-বাঢ়নীৰে কোবায় নাইবা মাটিৰ পাত্ৰত শুকান জলকীয়া , শুকুতা আৰু সৰিয়হৰ লগত বাঢ়নী কাঠি পুৰি মুখ ভঙা হয়। কোনো কোনো ঠাইত এইদৰে মন্ত্ৰও মাতা দেখা যায়-
“কামাখ্যা দেৱীৰ বৰ
যাৰ যি মুখ লাগিছে
সকলো পানী হৈ পৰ।”
কামৰূপ বা নামনি অঞ্চলত বৰশী বাওঁতে মাছ নুঠিলে কাৰোবাৰ মুখ লগা বুলি ভাবি এনেদৰে গোৱাল-গালি পাৰা দেখা যায়-
” আলুৱা চাউল চোবাও
ছুৱা – বান্নি দি কোবাওঁ।
যাৰ লাগছি ভুত
তাৰ মুখত মুত।।”
জনজাতীয় সমাজত আধ্যাত্মিক আৰু ব্যৱহাৰিক উভয় ক্ষেত্ৰতে বাঢ়নীৰ মৰ্যদা অপৰিসীম। সৰা-পোচাৰ উপৰিও জৰা-ফুকা , ভজা-পোৰা আদি বিভিন্ন কামত প্ৰয়োজন হোৱা বাঢ়নীৰ বাবে জনজাতীয় নাৰী সকলে এটা বিশেষ দিনত বিশেষ নিয়মত উলু খেৰ সংগ্ৰহ কৰে। ইয়াক ‘ বাঢ়নী কটা’ উৎসৱ বুলি কোৱা হয়।
ভুত- প্ৰেতৰ পৰা ৰক্ষা পাবলৈ ৰোগী বা প্ৰসুতি থকা ঘৰৰ দুৱাৰ মুখত বাঢ়নী ৰখাটো প্ৰায়বোৰ জনজাতিৰ মাজতে প্ৰচলিত আছে।
নামনি অসমৰ প্ৰায়বিলাক জনগোষ্ঠীৰ মাজতে চ’তৰ সংক্ৰান্তিৰ দিনা ব্যৱহৃত পুৰণি বাঢ়নী টাৰ পেলাই দিয়াৰ নিয়ম অতীজৰে পৰা আজিলৈকে চলি আহিছে।
সাম্প্ৰতিক সময়ত চোতাল বিহীন অট্টালিকাবোৰতো বাঢ়নী টাৰৰ প্ৰয়োজন নুই কৰিব নোঁৱাৰি। বাঢ়নী টাৰক এফালে ছুৱা বা অমংগলীয়া বস্তু বুলি ঘৰৰ পিছফালে থৈ দিয়া হয় আনহাতে কিছুমান ক্ষেত্ৰত নতুন বাঢ়নী টাৰক পূজা- অৰ্চনাতো বৱবহাৰ কৰা দেখা যায়। মুঠতে বাঢ়নী টাৰ সকলো শ্ৰেণীৰ মানুহৰ অতি আপোন , এৰিব নোঁৱাৰা এবিধ লাগতীয়াল সামগ্ৰী।