‘চেলিন ডিয়ন’ সমগ্ৰ বিশ্বৰ এটি চিনাকি নাম যাৰ কণ্ঠৰ যাদুত যেন সমগ্ৰ বিশ্বই মোহাছন্ন ৷ শেহতীয়াকৈ এই জনপ্ৰিয় গায়ক গৰাকীৰ এটি খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তেওঁৰ অনুৰাগী সকলৰ মাজত ৷ শিল্পী গৰাকীৰ শৰীৰত স্নায়ুজনিত বিকাৰ ধৰা পৰাৰ বাবে তেওঁ স্থগিত ৰাখিছে অনাগত সকলো অনুষ্ঠান ।
বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত ফৰাচী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা এটি আৱেগিক ভিডিঅ’ বাৰ্তাত ডিয়নে কয় যে ষ্টিফ পাৰ্চন চিনড্ৰমৰ ফলত তেওঁৰ খোজ কঢ়া আৰু গান গোৱাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিছে।তেওঁ লগতে কয় যে কেইবাবাৰো পিছুৱাই দিয়াৰ পিছতো তেওঁৰ এই অসুবিধাৰ বাবে ফেব্ৰুৱাৰী মাহত পুনৰ আৰম্ভ হ’বলগীয়া ‘কৌৰেজ’ ভ্ৰমণ পিছুৱাই দিয়াৰ বাহিৰে তেওঁৰ হাতত আন কোনো উপায় নাছিল। আনহাতে ২০২৩ চনৰ বসন্তকালীন অনুষ্ঠানসমূহ ২০২৪ চনলৈ স্থানান্তৰ কৰা হৈছে আৰু ২০২৩ চনৰ গ্ৰীষ্মকালীন কনচাৰ্টসমূহ বাতিল কৰা হৈছে।অনুৰাগী সকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁ সদায় তেওঁৰ অনুষ্ঠানত ১০০% দিবলৈ চেষ্টা কৰে কিন্তু এইবাৰ শৰীৰে তেওঁক লগ দিয়া নাই ৷
কিয়নো ষ্টিফ পাৰ্চন চিণ্ড্ৰমৰ ফলত হঠাৎ তেওঁৰ পেশীবোৰ কঠিন হৈ পৰে আৰু পেশীৰ বিষাক্ত স্পাম হয়, যিটো ডাঙৰ শব্দ বা কোমল স্পৰ্শৰ ফলতো হ’ব পাৰে।অৱশ্যে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ইয়াক অটো ইমিউন’ ডিছঅৰ্ডাৰ বুলি ভবা হৈছে। যাৰ বাবে খোজ কঢ়াত অসুবিধা হ’ব পাৰে।
পাঁচটাকৈ গ্ৰেমী বঁটা আৰু দুটা একাডেমী বঁটা লাভ কৰা ডিয়ন হৈছে ‘আই এম এলাইভ’আৰু ‘মাই হাৰ্ট উইল গ’ অন’ৰ দৰে হিট গীতেৰে সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা সমগ্ৰ বিশ্বৰ এগৰাকী জনপ্ৰিয় মহিলা শিল্পী।আমাৰ তৰফৰ পৰাও শিল্পী গৰাকীৰ আশু-অৰোগ্য কামনা কৰিছোঁ ৷