সামাজিক মাধ্যমৰ এটা প’ষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ নিজৰ ফেচবুক একাউণ্ট যোগে সকলোকে এক বিশেষ কথা অৱগত কৰি এই প’ষ্ট আপলোড কৰিছে ইছমাইল হুছেইন নামৰ এজন অসমীয়াই ৷
ইছমাইল হুছেইন , বৰ্তমান সময়ত অসমৰ এক চিনাকি নাম ৷ যি গৰাকী ব্যক্তিয়ে আজি বহুদিনৰ পৰাই অসমৰ বহুকেইগৰাকী ব্যক্তিৰ স্মৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যাৰ ফলত সেই মহান অসমীয়া সকল জীয়াই থাকিব আমাৰ মাজত , অসমীয়াৰ মাজত ৷
পূৰ্বে তেওঁ অসমীয়া সাহিত্যৰ আকাশৰ উজ্জ্বল জ্যোতিষ্ক হোমেন বৰগোঁহাঞিৰ স্মৃতি সংৰক্ষণ কৰি যেন তেওঁক জীৱন্ত কৰি ৰাখিছে আমাৰ সকলোৰে মাজত ৷ শেহতীয়াকৈ তেওঁ অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী তথা কটনীয়ান সকলৰ শ্ৰদ্ধাৰ দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই ল’লে এক বিশেষ পদক্ষেপ ৷ যি কথা সামাজিক মাধ্যম ফেচবুক যোগে প্ৰকাশ কৰিছে ইছমাইল হুছেইনে নিজেই ৷
প’ষ্টটোত তেওঁ লিখিছে যে দত্ত ছাৰৰ স্মৃতি সংৰক্ষণ কৰিছে তেওঁ ৷
যাৰ বাবে তেওঁ শ্মশান ৰক্ষক গৰাকীক ক’লে যে ব্যৱহৃত ফুলৰ মাজত থকা সেই কাপোৰখিনি শ্মশান ৰক্ষক গৰাকীয়ে কি কৰিব? উত্তৰত তেওঁ ক’লে যে অলপ পিছত জুইত জাপি দিয়া হ’ব ৷
এই কথা শুনি তেওঁ শ্মশান ৰক্ষকগৰাকীক সুধিলে যে তেওঁ এই কাপোৰখিনি ইয়াৰ পৰা নি সংৰক্ষণ কৰিব পাৰিবনে?
উত্তৰত ৰক্ষকজনে ক’লে যে নিশ্চয় পাৰিব তেওঁ এই কাম কৰিব৷কাৰণ পূৰ্বেও হোমেন বৰগোহাঞিৰ মৃত্যুৰ দিনাও তেওঁ যে এনেধৰণৰ কাম কৰিছিল সেই কথা শ্মশান ৰখীয়া গৰাকীয়ে পাহৰা নাছিল আৰু ইছমাইল হুছেইনো এই কথা শুনি আনন্দিত হৈছিল ৷
শ্মশান ৰখীয়াজনেও তেওঁৰ মোনাত কাপোৰখিনি ভৰাই দিছিল৷
দেৱন দত্তৰ কাপোৰ খিনি ঘৰলৈ আনি চাবোনেৰে ধুই শুকাই-মেলি ইস্ত্ৰী কৰি ইতিমধ্যে তেওঁ তেওঁৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিছে৷
ফটোত দেখিবলৈ পোৱা সাজকটা গলবস্ত্ৰ দুখন—দেৱেন দত্ত নামে এইজন অসমীয়াই বিগত দিনবোৰত সভা-সমিতিলৈ যাওঁতে পৰিধান কৰি গৈছিল যি হয়তো অসমবাসী সকলৰ অতি চিনাকী৷
সেয়েহে তেওঁ তেওঁৰ সেই চিনাকী বস্ত্ৰ দুবিধ জুইত জাপি দিয়াৰ সলনি তেওঁৰ শিক্ষাগুৰুগৰাকীলৈ শ্ৰদ্ধা জনাই সাঁচি থ’লে ৷
অৱশ্যে প’ষ্টটোৰ শেষত কোনেও যেন এই ক্ষেত্ৰত একো দায়-দোষ নধৰে তাৰ বাবেও সকলোকে অনুৰোধ জনাইছে ইছমাইল হুছেইন নামৰ এইগৰাকী প্ৰকৃত অসমীয়াই!