উত্তৰ লক্ষীমপুৰ জিলাৰ অৰুণাচল প্ৰদেশ সীমান্তৰ পথালি পাহাৰ অঞ্চলত এক বিশাল আয়োজনেৰে দেখা পোৱা গ’ল উত্তৰ লক্ষীমপুৰ জিলাৰ জেষ্ঠ শিল্পী আৰু বুদ্ধিজীবি সকলক সম্বৰ্ধনা জনোৱা এক সুন্দৰ দৃশ্য। অৰ্ধ শতাধিক বয়সে গৰকা থলুৱা শিল্পীৰ অতীত বিচাৰি ‘স্বৰানুভব’ গোষ্ঠীয়ে আয়োজন কৰে এই বিশাল সম্বৰ্ধনা অনুষ্ঠানৰ। থলুৱা শিল্পীৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আন বহুতো অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশেষকৈ ৫০বছৰৰ উৰ্ধৰ এই সকল থলুৱা শিল্পীক সন্মান দিয়াৰ বাবে উক্ত অনুষ্ঠানৰ আয়োজন কৰাৰ কথা ‘স্বৰানুভৱ’ৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে।