চৰকাৰে ঐতিহাসিক শিৱসাগৰ নগৰীক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰিব বুলি বিধানসভাত মন্তব্য কৰিছে। কিন্তু ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হোৱাৰ আগতে অন্যান্য বহু সমস্যাৰ লগতে সমস্যা হৈ থিয় দিছে এটি প্ৰকাণ্ড জাবৰৰ দ’ম!
শিৱসাগৰ নগৰৰ পূৱ প্ৰৱেশ পথৰ এক ডাম্পিং গ্ৰাউণ্ডে যেন নগৰখনৰ সৌন্দৰ্যত কালিমা হানিছে। এহাতে আহোম যুগৰ সমল আনহাতে নগৰৰ প্ৰৱেশ পথত জাবৰৰ পাহাৰ।
আহোম যুগৰ ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ শিৱসাগৰ অসমৰ মান আৰু মৰ্যাদাৰ প্ৰতীক। আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাসৰ সাক্ষী ৰাজধানী ৰংপুৰ নগৰী তথা বৰ্তমানৰ শিৱসাগৰ পৰ্যটন নগৰীৰূপে গঢ় দিবলৈ বহু দিনৰ পৰা শিৱসাগৰৰ ৰাইজে দাবী উত্থাপন কৰি আহিছে। কিন্তু আহোমৰ ঐতিহ্য, সন্মান, সম্পদ বুকুত লৈ স্মৃতি বহন কৰি ৰখা শিৱসাগৰ আজিও অৱহেলিত।
এনে অৱহেলাৰ মাজতে শিৱসাগৰৰ নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈৰ ৰাইজৰ হৈ দাবী আৰু চৰকাৰৰ সদিচ্ছাৰ বাবে শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰিব বুলি ঘোষণা কৰা হৈছে। কিন্তু এনে সময়ত শিৱসাগৰ নগৰলৈ প্ৰৱেশ কৰা পথৰ ডাম্পিং গ্ৰাউণ্ডে যেন চৰকাৰৰ এনে প্ৰয়াসত কালিমা সানিছে। নগৰখনৰ প্ৰৱেশ পথতে পৰ্যটকক আদৰণি জনাই থিয় হৈ থকা এক বৃ্হৎ জাবৰৰ দ’মৰ লগতে নাকত ৰুমাল ল’বলৈ বাধ্য কৰে ভয়ংকৰ দুৰ্গন্ধই। নগৰৰ দুৱাৰ মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জাবৰৰ এই পাহাৰে ৰংপুৰৰ সৌন্দৰ্য আৰু মৰ্যাদা লাঘৱ কৰাৰ লগতে দাঁতিকাষৰীয়া লোকে যাপন কৰিবলগা হৈছে দুৰ্বিসহ জীৱন।
শিৱসাগৰ পৌৰসভাৰ এই ডাম্পিং গ্ৰাউণ্ডক লৈ ইতিমধ্যে বহু সমস্যাৰ সন্মুখীন হৈছে শিৱসাগৰৰ ৰাইজ। নগৰৰ কলেৱৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত বিভিন্ন স্থান ডাম্পিং গ্ৰাউণ্ডৰূপে ব্যৱহাৰ কৰাৰ পাছত আজিৰ পৰা বহু বছৰৰ আগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ডাম্পিং গ্ৰাউণ্ড স্থায়ী হয়। বিগত দিনবোৰত বহু দাবী উত্থাপনৰ পাছতো এই স্থানৰ পৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত কৰিবলৈ সক্ষম নহ’ল শিৱসাগৰ পৌৰসভা। ফলত দিনক দিনে পাহাৰসদৃশ ৰূপ ধাৰণ কৰা শিৱসাগৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নগৰখনৰ প্ৰতি এক ভাবুকি স্বৰূপ হৈ পৰিছে।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ পাছতো পৰ্যটকক জাৱৰৰ দ’ম আৰু দুৰ্গন্ধই ঐতিহাসিক শিৱসাগৰলৈ আদৰণি জনাব নেকি? এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব শিৱসাগৰ পৌৰসভা আৰু শিৱসাগৰ জিলা প্ৰশাসনে?