VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাৰমূখীয়াৰ পৰা সুদূৰ টকিঅ’লৈ এক বৰ্ণিল যাত্ৰা লাভলীনাৰ

মিনাক্ষী ফুকন by মিনাক্ষী ফুকন
July 27, 2021
in ক্ৰীড়া
বাৰমূখীয়াৰ পৰা সুদূৰ টকিঅ’লৈ  এক বৰ্ণিল যাত্ৰা  লাভলীনাৰ
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

অসমত এই মুহূৰ্তত আটাইতকৈ চৰ্চিত নামটোৱেই হৈছে লাভলীনা বৰগোহাঁই। অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ লাভলীনাই ১৭ জুলাইত উৰা মাৰিব জাপানৰ টকিঅ’লৈ। ১৫ টা দিন ইটালীৰ আইছিছি ত প্ৰশিক্ষণৰত লাভলীনাই বিগত ডেৰটা বছৰে বাৰমূখীয়াৰ ঘৰখনৰ পৰা আতৰি থাকি আৰম্ভ কৰিছিল কঠোৰ অনুশীলন ।সম্প্ৰতি বাহিৰৰ জগতখনৰ পৰা সম্পূৰ্ণৰূপে আতৰাই শাৰীৰিক আৰু মানসিকভাৱেও প্ৰস্তুত কৰি তোলা হৈছে খেলুৱৈ গৰাকীক ।

খেল জগতখনত লাভলীনাৰ যাত্ৰা আছিল অনন্য। ২০১২ চনত প্ৰথমবাৰৰ বাবে বক্সিঙৰ ক্ষেত্ৰখনত ভৰি দিয়া লাভলীনাৰ সপোন আছিল অলিম্পিক খেলা। ইয়াৰপূৰ্বে কিকবক্সিং লাভলীনাই সেইসময়ত অসমৰ সোণাপুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল।২০১১ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰশিক্ষণ কেন্দ্ৰ লৈ (ছাই) নিৰ্বাচিত হোৱা লাভলীনাই ২০১২ চনতহে প্ৰথমবাৰৰ বাবে বক্সিঙৰ ৰিঙত খোজ দিয়ে।

বক্সিঙতো নিজৰ প্ৰতিভাৰ পৰিচয় দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’য়। অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাগ লোৱাৰ লগতে ২০১৮ চনত এআইবিএ মহিলা বিশ্ব বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জ, ২০১৯ ত এআইবিএ বিশ্ব মহিলা বক্সিঙত সোণৰ পদক লাভ কৰে । একেদৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম ভাৰতীয় মুকলি আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় ভাৰতীয় মুকলি বক্সিং প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ সক্ষম হ’য়।

৬৯ কেজি শাখাত খেলা লাভলীনাই অতি কম সময়ৰ ভিতৰত ভাৰতীয় খেল জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০২০ চনত অৰ্জুন বঁটাৰে বিভূষিত কৰিছিল। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ ৰূপে লাভলীনাই ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰিলে।

১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাট জিলাৰ বৰপথাৰ বাৰমূখীয়া গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মাননি বৰগোঁহাইৰ তিনিগৰাকী কন্যাৰ কনিষ্ঠ লাভলীনাৰ এই যাত্ৰা সহজ নাছিল। অতি পিছপৰা অঞ্চলৰ এই খেলুৱৈগৰাকীয়ে আনৰ পৰা ধাৰ লোৱা গ্ল’ভছ ,জোতা ,কাপোৰ পিন্ধি বক্সিঙৰ ৰিঙত ভৰি থৈ আজি অসমৰ লগতে ভাৰত তথা বিশ্বৰ বাবেই এটা চিনাকি নাম হৈ পৰিল। ।

সততে সম্বৰ্ধনা আদি গ্ৰহণ কৰি বেয়া পোৱা লাভলীনা অত্যন্ত প্ৰচাৰবিমুখ আছিল । অৱশ্যে এই মানসিকতাই খেলুৱৈ গৰাকীক একান্তমনে খেলত মনোনিবেশ কৰি লক্ষ্য প্ৰাপ্তিত যে সহায় কৰিলে সেই কথা আজি এশ শতাংশ সঁচা প্ৰমাণিত হ’ল।

Previous Post

ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠাৰ দিশে শিৱসাগৰ:ঐতিহাসিক সমলৰ লগত জিলিকিছে জাবৰৰ দ’ম

Next Post

বিজ্ঞানৰ অন্য এক সফলতা ; ঘামৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
বিজ্ঞানৰ অন্য এক সফলতা ; ঘামৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ

বিজ্ঞানৰ অন্য এক সফলতা ; ঘামৰ পৰা উৎপন্ন হ'ব বিদ্যুৎ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7