দীৰ্ঘ সময় ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা অসমৰ উদীয়মান জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহাৱসানৰ বাতৰিয়ে সমগ্ৰ অসমতে পেলাইছে শোকৰ ছাঁ ৷ প্ৰথম অৱস্থাত গুৱাহাটীৰ ‘হেল্থ চিটি’ত চিকিৎসাধীন হৈ থকা কিশোৰ দাস পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ৰাওনা হৈছিল মুম্বাইলৈ ৷ অসমৰ বহুকেইজন শিল্পী , সাংস্কৃতিক কৰ্মী তথা সাধাৰণ ৰাইজৰ সহযোগ তথা আশীৰ্বাদত আজি কিছুদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল চেন্নাইৰ এখন চিকিৎসালয়ত ৷ অৱশ্যে আজি পুৱা নিয়ঁতিৰ ওচৰত হাৰ মানে জনপ্ৰিয় যুৱ অভিনেতা গৰাকীয়ে ৷ কৰ্কট ৰোগৰ উপৰিও শেহতীয়াকৈ ক’ভিড-১৯ত আক্ৰান্তহৈ আজি পুৱা ২৮বছৰীয়া তৰুণ অভিনেতা গৰাকীয়ে চেন্নাইৰ চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে ৷