VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ “মাঘী পূৰ্ণিমাৰ সভা”

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
February 6, 2023
in সংস্কৃতি
অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ “মাঘী পূৰ্ণিমাৰ সভা”
0
SHARES
83
VIEWS
Share on FacebookShare on Twitter

প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰে পৰিবেষ্টিত বৃহৎ সৰ্থেবাৰীৰ প্ৰধান বৈশিষ্ট্য হৈছে জগন্নাথ মন্দিৰ গোঁসাই ঘৰ। এই জগন্নাথ মন্দিৰ পুৰীৰ জগন্নাথ মন্দিৰৰ এটা শাখা।
জনশ্ৰুতি অনুসৰি সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰে পৰা সৰ্থেবাৰীত কাঁহ শিল্পৰ প্ৰচলন হৈ আহিছে। প্ৰবাদ আছে যে , ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহোতে বটা আৰু কাঁহৰ সামগ্ৰী উপহাৰ দিছিল।

বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা শিল্পনগৰী সৰ্থেবাৰীত বিভিন্ন লোক উৎসৱ পালন কৰি অহা হৈছে। এই লোক উৎসৱ সমূহৰ ভিতৰত ‘ মাঘী পূৰ্ণিমাৰ সভা’ বা ‘ সৰ্থেবাৰীৰ সভা’ অন্যতম । সৰ্থেবাৰী বুলিলেই আমাৰ মনত ভাঁহি আহে সাতামপুৰুষীয়া কাঁহৰ বান কাঁহী , বান বাটি , বিভিন্ন কাৰুকায্য খচিত লোটা , বটা , বেলেগ বেলেগ আকাৰৰ তাল আৰু অনেক লাগতিয়াল কাঁহৰ বাচন- বৰ্তন আদি। কাঁহৰ বাচন- বৰ্তন সমূহে পৃথিবীৰ সকলো ঠাইতে সমাদৰ লাভ কৰাৰ উপৰিও বিশ্বৰ দৰবাৰত অসমক এক সুকীয়া স্থান দিবলৈ সমৰ্থ হৈছে। অসমৰ কাঁহ শিল্পনগৰী সৰ্থেবাৰীয়ে অসমীয়া কূষ্টি , সভ্যতা , ধৰ্ম , সাহিত্য , সংস্কৃৃতি আদি বিভিন্ন দিশত অসমক প্ৰতিনিধিত্ব কৰি আহিছে।

অসমৰ শিল্পনগৰী সৰ্থেবাৰীত প্ৰতিবছৰে মাঘ মাহৰ পূৰ্ণিমাৰ পৰা পাঁচ দিন ধৰি মহা সমাৰোহেৰে সভা পতা হয়। মাঘ মাহৰ চতুদৰ্শী তিথিত আৰম্ভ হোৱা উৎসৱটিৰ পূৰ্ণিমাৰ পাছৰ কৃষ্ণা তৃতীয়া তিথিত সামৰণি পৰে। পাঁচদিন ধৰি হোৱা এই সভাখনক পাঁচোটা পৃথক ভাগত ভাগ কৰা হয়। সভাৰ প্ৰথম দিনটোক ‘গোন্ধৰ দিনা’ বুলি কোৱা হয়। গোন্ধৰ দিনা সকলো ৰাইজে একগোট হৈ ৰাজহুৱা গোসাঁই ঘৰৰ গোসাঁইৰ আসনবোৰ পৰিষ্কাৰ কৰি সুন্দৰকৈ সজায়। প্ৰত্যেক চুবাৰ লোক সকলে লগ লাগি বাঁহ -খেৰেৰে সভাৰ থলীত কেইবাখনো ৰভা দিয়ে। ৰভাৰ পূৱ দিশত বৃহৎ আকাৰত হোমৰ বেদী সজোৱা হয়। ৰভাৰ মাজৰ খালী ঠাই ডোখৰত সভাৰ লগত সংগতি ৰাখি যাত্ৰা , ঢুলীয়া নৃত্য , ওজাপালি আদি আনন্দদায়ক অনুষ্ঠান সমূহ পৰিৱেশন কৰা হয়। গোন্ধৰ দিনা ৰাতি বিভিন্ন চুবাৰ গোসাঁই ঘৰৰ গোসাঁইবোৰ ৰাইজে হৰিনাম – কীৰ্তন কৰি আনি সভাথলীৰ লগতে থকা মূল গোসাঁইঘৰত স্থাপন কৰে আৰু তেতিয়াৰ পৰা সৰ্থেবাৰীৰ সভা আৰম্ভ হয়।

সভাৰ দ্বিতীয় দিনা মাঘী পূৰ্ণিমা তিথিত সভাথলীৰ পূৱ দিশত থকা ‘হোমৰ বেদীত’ হোম ক্ৰিয়া সম্পন্ন কৰা হয়।এই হোম ক্ৰিয়াই সৰ্থেবাৰী সভাৰ মূল উৎসৱ। সৰ্থেবাৰীৰ সভাৰ এই দিনটোৰ স্বৰ্গীয় হোমৰ গোন্ধ ল’বলৈ ৰাইজৰ মন-প্ৰাণ উত্ৰাৱল হৈ উঠে। শংখ ,ঘণ্টা , দবা, বৰকাঁহ বাজি উঠাৰ লগতে বৈদিক মন্ত্ৰ পাঠ কৰি হোম ক্ৰিয়া আৰম্ভ কৰা হয়। ভাগৱত শাস্ত্ৰ পাঠ , নামৰ ধ্বনি , ভোৰতালৰ শব্দ , হোমৰ বেদধ্বনিয়ে অন্তৰত জগাই তোলে এক স্বৰ্গীয় অনুভূতি। জাত-পাত , উচ্চ-নীচ পাহৰি ভগবৎ প্ৰেমেৰে এয়া যেন মানৱৰ মহামিলনৰ তীৰ্থভূমি।

সভাৰ তৃতীয় দিনা ‘ভৰ সভা’। ভক্ত আৰু ৰাইজৰ আগমনেৰে সভা লোকে লোকাৰণ্য হৈ পৰে।নাম-প্ৰসংগৰ লগতে ঢুলীয়া নৃত্য আৰু যাত্ৰাভিনয় অনুষ্ঠিত হয়।

সভাৰ চতুৰ্থ দিনত নাম-প্ৰসংগ , ঢুলীয়া নৃত্য , ওজাপালি , যাত্ৰা আদি পূৰ্ণোদ্যমে চলি থাকে আৰু স্থানীয় মানুহৰ উপৰিও দূৰ- দূৰণিৰ পৰা অহা যাত্ৰী সকলেও আনন্দ উপভোগ কৰে।

পঞ্চম দিনাখন সভা অন্ত পৰে। সভা শেষ হোৱাৰ পাছত গোসাঁইবোৰ পুনৰ নিজ নিজ গোসাঁই ঘৰলৈ নিয়ম-নীতিৰ মাজেদি লৈ যোৱা হয় আৰু বিখ্যাত সৰ্থেবাৰীৰ সভাৰ অন্ত পৰে।

এনেদৰে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পৰম্পৰাগত ভাৱে চলি অহা সভা সৰ্থেবাৰীৰ প্ৰতিজন ডেকা -গাভৰু , মুনিহ-তিৰোতাৰে হিয়াৰ ধন , বুকুৰ আপোন আৰু মহামিলনৰ তীৰ্থ মাঘী পূৰ্ণিমাৰ সভা।

 

 

Previous Post

ব্যয় সংকোচনঃ আমাজনে বর্খাস্ত কৰিব ১৮ হেজাৰ কর্মচাৰী, আদায় দিব লাগিব ৫২০০ কোটি টকা

Next Post

উত্তৰ-পূবক বঞ্চনা কৰি কিয় ৭০ লাখ টকা জৰিমনা ভৰিব লগা হ’ল ভিষ্টাৰাই !!

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
উত্তৰ-পূবক বঞ্চনা কৰি কিয় ৭০ লাখ টকা জৰিমনা ভৰিব লগা হ’ল ভিষ্টাৰাই !!

উত্তৰ-পূবক বঞ্চনা কৰি কিয় ৭০ লাখ টকা জৰিমনা ভৰিব লগা হ’ল ভিষ্টাৰাই !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7