নালন্দা আছিল বিশ্বৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ। সমগ্ৰ বিশ্বতে বিখ্যাত আছিল এই বিশ্ববিদ্যালয় । এতিয়ালৈকে এনে কোনো কেন্দ্ৰ সৃষ্টি হোৱা নাই। সেই ধাৰা ৰক্ষা কৰি মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত মুকলি কৰা হ’ল ‘নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ’। মূলতঃ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক পৰৱৰ্তী প্ৰজন্মলৈ প্ৰচাৰৰ বাবে এনে এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে । শুকুৰবাৰে বর্ণাঢ্য অনুষ্ঠানেৰে এই কেন্দ্ৰ মুকলি কৰা হয় ৷
যোৱা বছৰ মুকেশ-কন্যা ঈশা আম্বানীয়ে মাতৃ নীতা আম্বানীৰ নামত উৎসৰ্গিত দেশৰ প্ৰথমটো ‘বহু-বিষয়ক সাংস্কৃতিক স্থান’ সৃষ্টিৰ কথা ঘোষণা কৰিছিল। এই সাংস্কৃতিক কেন্দ্ৰটো বিশেষভাৱে প্ৰতিষ্ঠা কৰা হৈছে ভাৰতীয় শিল্পকলাক বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে। নীতা নিজেই এগৰাকী নৃত্যশিল্পী। এক বিবৃতিত নীতাই কয়, ‘এই কেন্দ্ৰৰ উদ্দেশ্য হৈছে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন ধাৰাক উজ্জ্বল কৰি তোলা আৰু উদযাপন কৰা। বহু লোকে এই কেন্দ্ৰটো নিৰ্মাণৰ বাবে অশেষ কষ্ট কৰিছে। এই ভ্ৰমণ অতি পবিত্ৰ। আমি সকলোৱে এনে এখন ঠাই সৃষ্টি কৰিবলৈ আগ্ৰহী আছিলো। য’ত ভাৰতীয় চিনেমা, নাটক, নৃত্য, সাহিত্য, লোককথা, শিল্প, বিজ্ঞান আৰু আধ্যাত্মিকতাক বিশ্বৰ আগত উপস্থাপন কৰিব পৰা যায়। ইয়াৰ উপৰিও আমি ইয়ালৈ আন দেশৰ শ্ৰেষ্ঠখিনি আনিবলৈ চেষ্টা কৰিম ।”
এই সাংস্কৃতিক কেন্দ্ৰটোত কি আছে?
দুহাজাৰ আসনৰ এটা গ্ৰেণ্ড থিয়েটাৰ, চাৰি মহলীয়া আৰ্ট হাউচ, প্ৰায় ৫৭,০০০ বৰ্গফুট এলেকাত প্ৰদৰ্শনী স্থান আৰু ষ্টুডিঅ’ থিয়েটাৰ। তিনিদিনীয়া এই মুকলি সভাত অংশগ্ৰহণ কৰিছে হলিউড আৰু বলীউডৰ বিভিন্ন তাৰকাই। ইয়াৰ পিছত এই সাংস্কৃতিক কেন্দ্ৰটো সাধাৰণ মানুহৰ বাবে মুকলি কৰা হ’ব। এই কেন্দ্ৰটোত চিনেমা, সংগীত, নৃত্য, নাটক, সাহিত্য, শিল্প, বিজ্ঞান-চেতনা আৰু আধ্যাত্মিকতাৰ বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব ৷