অসম বাসীৰ বাবে এক সু-খবৰ ৷
প্ৰতিবছৰে ভাৰত চৰকাৰে দেশৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিভিন্ন ব্যক্তিক দেশৰ ভিতৰতে সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম’ বঁটাৰে সন্মানিত কৰি আহিছে আৰু এইবাৰো নিশ্চয় তাৰ ব্যতিক্ৰম নহয় ৷ শেহতীয়াকৈ ২২মাৰ্চ তাৰিখে অসমৰ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ল এই সন্মান ৷
গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক জীয়াই ৰখাৰ বাবে আজীৱন সাধনা কৰি অহা মাজুলীৰ বিশিষ্ট মুখাশিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক ড° হেমচন্দ্ৰ গোস্বামী দেৱে ২২মাৰ্চ তাৰিখে গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান।
উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ বিভিন্ন বঁটা প্ৰাপকৰ লগতে মাজুলীৰ ড° হেমচন্দ্ৰ গোস্বামীকো এই বঁটা প্ৰদান কৰে।
উল্লেখনীয় যে তেওঁৰ উপৰিও ২০২৩বৰ্ষত অসমৰ আনদুগৰাকী বিশিষ্ট ব্যক্তি হেমপ্ৰভা চুতীয়া আৰু ৰামকুইৱাংগবে নিউমেক প্ৰদান কৰা হৈছে এই সন্মানীয় পদ্মশ্ৰী বঁটা ৷