সংগীতৰ অনুৰাগী সকলৰ বাবে এক দুঃখবৰ ৷ ‘ফেচিয়েল পেৰেলাইছিছ’ত ভুগিছে পপ তাৰকা জাষ্টিন বিবাৰে ৷ পপ তাৰকা জাষ্টিন বিবাৰে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা প’ষ্টৰ যোগেদি অনুৰাগীসকলক এই কথা জনাইছে যে, তেওঁ ‘ৰামছে হান্ট চিণ্ড্ৰোম’ত আক্ৰান্ত হৈছে ৷ যি তেওঁৰ মুখত আংশিক পক্ষাঘাতৰ সৃষ্টি কৰিছে।
অলপতে এই কথা ঘোষণা কৰাৰ পিছত জানিব পৰা গৈছে যে অসুস্থতাৰ বাবে তেওঁ বিশ্ব ভ্ৰমণসূচীও বাতিল কৰিছে ।সামাজিক মাধ্যমত আপলোড কৰা ভিডিঅ’টোত তেওঁ কৈছে যে , “আপোনালোকে দেখিছে, এই চকুটো টিপিয়াব পৰা নাই, মই মোৰ মুখৰ এই ফালে হাঁহিব নোৱাৰো, নাকটো লৰচৰ নকৰা হৈছে।”
তেওঁ কিয় ভ্ৰমণটো বাতিল কৰিছিল সেই বিষয়ে বৰ্ণনা কৰি তেওঁ কৈছিল, “গতিকে, মোৰ মুখৰ এই ফালে সম্পূৰ্ণ পক্ষাঘাত হৈছে। গতিকে যিসকলে পৰৱৰ্তী অনুষ্ঠানবোৰ বাতিল কৰাৰ বাবে হতাশ হৈছে, তেওঁলোকক জানাওঁ যে মই শাৰীৰিকভাৱে সেইবোৰ কৰিবলৈ সক্ষম নহয়। আপোনালোকে দেখিছে এইটো যথেষ্ট গুৰুতৰ।”
বিশ্ব বিশ্ৰুত জনপ্ৰিয় গায়কজনে ভিডিঅ’টোত ৰামছে হান্ট চিণ্ড্ৰোমৰ কাৰণ কি সেয়াও বৰ্ণনা কৰিছিল। তেওঁ এই কথাও কয় যে তেওঁ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ যি কৰিব লাগে সেয়া কৰি আছে। মুখমণ্ডলৰ ব্যায়ামৰ লগতে, তেওঁ “বিশ্ৰাম ল’বলৈ আৰু ১০০ শতাংশ সুস্থ হ’বলৈ সময় লৈছে যাতে মই যি কৰিবলৈ জন্ম হৈছিলোঁ সেয়া কৰিব পাৰো।”
গায়কগৰাকীয়ে পোষ্টটোৰ শিৰোনাম দিছিল, “গুৰুত্বপূৰ্ণ অনুগ্ৰহ কৰি চাওঁক। মই আপোনালোকক ভাল পাওঁ আৰু মোৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক !“