অসমত ৰাস মহোৎসৱ বুলিলে মানুহৰ আনন্দ-উল্লাসৰ অন্ত নাই ৷ ৰাস পূৰ্ণিমাৰ দিনটোৰ পৰাই বিভিন্ন মঞ্চত পৰিবেশিত হয় শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ অৱশ্যে বৰ্তমান সময়লৈকে শেষ হোৱা নাই অসমীয়া ৰাইজৰ এই ৰাস উদযাপনৰ উল্লাস-উদ্দীপনা ৷
যোৰহাট টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বৃহত্তৰ পীড়াকটা বাসী ৰাইজৰ সহযোগত অহা ৩ আৰু ৪ ডিচেম্বৰ, শণি আৰু দেওবাৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। টীয়কৰ পীড়াকটাৰ উমেশ ফুকন সোঁৱৰণী ৰঙ্গমঞ্চত আজি বহু বছৰৰ পৰাই মঞ্চস্থ হৈ আহিছে শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ য’ত সেই অঞ্চলটোৰ প্ৰতিজন লোকৰ আৱেগ জড়িত হৈ আছে । এই মঞ্চখনৰ পৰাই হয়তো অভিনয় জগতৰ পাতনি মেলিছে সেই অঞ্চলৰ বহু অভিনেতা-অভিনেত্ৰীয়ে ৷
৩ আৰু ৪ ডিচেম্বৰ তাৰিখে হ’ব লগীয়া শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা নাট ভাগীত এইবাৰ দৈৱকীৰ চৰিত্ৰ ৰূপায়ণ কৰিব ঝৰ্ণা ফুকন হাতীবৰুৱাই ৷ পীড়াকটাৰ গোঁহাইগাঁৱৰ জীয়ৰী ঝৰ্ণাই সামাজিক মাধ্যম ফেচবুক যোগে সেয়েহে আনন্দ প্ৰকাশ কৰি ৰাসলীলা উপভোগ কৰিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছে আৰু লগতে কৈছে যে এইখন মঞ্চৰ পৰাই অভিনয় কি তাক শিকা ঝৰ্ণাৰো আন বহুজনৰ দৰেই এই মঞ্চখনৰ সৈতে এক আৱেগ জড়িত হৈ আছে ৷ সেয়েহে বহুবছৰৰ মূৰত এইবাৰ দৈৱকীৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ নিমন্ত্ৰণ পাই তেওঁ যথেষ্ট আনন্দিত ৷ এই সুবিধা কণ দিয়াৰ বাবে তেওঁ ফেচবুক পোষ্টটোৰ যোগেদিয়েই পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ সকলো বিষয়ববীয়া আৰু বৃহত্তৰ পীড়াকটাবাসী ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে । শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উপভোগ কৰিবলৈ অসমবাসী ৰাইজৰ লগতে সমূহ যোৰহাট বাসী ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে পীড়াকটাৰ জীয়ৰি ঝৰ্ণা ফুকন হাতীবৰুৱাই ।