মানোলো ভালদেছৰ ক্লিঅ ডোৰাডো হৈছে চৌদিআৰবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত উপস্থাপন কৰা এক আকৰ্ষণীয় শিল্পকৰ্ম।আনহাতে চাফাৰ হৈছে চৌদিআৰবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২৪ জন চৌদি আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ ৬৪ টাতকৈও অধিক শিল্পকৰ্মৰ এক মুখ্য নতুন সংযোজন।যি শিল্প কৰ্মই চৌদিআৰবৰ ঐতিহ্যমণ্ডিত সংস্কৃতিকেই যেন আলোকপাত কৰিছে ৷
আৰবী ভাষাত চফৰ মানে ভ্ৰমণ – চৌদি আৰবৰ প্ৰৱেশদ্বাৰত থকা ভাস্কৰ্য, ফটোগ্ৰাফী, বস্ত্ৰ, চিত্ৰ আৰু ডিজাইন সমূহক প্ৰতিফলিত কৰাৰ বাবে যি হ’ল এক উপযুক্ত নাম। সমগ্ৰ বিশ্বতে দীৰ্ঘদিন ধৰি শৈল্পিক যাত্ৰাৰ বাবে এক নাম চৌদি আৰব ৷ আনহাতে সাংস্কৃতিক ক্ষেত্ৰতো ই এক ঐতিহাসিক কেন্দ্ৰ, যাক এতিয়া কলা আৰু সৃজনশীলতাৰ মৰুদ্যান হিচাপে পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছে। ই সদায় ব্যৱসায়ী আৰু তীৰ্থযাত্ৰীসকলকো আদৰণি জনাই আহিছে ।আনহাতে চফৰ কলা সংগ্ৰহে শিল্পীসকলৰ সমসাময়িক দৃষ্টিভংগীৰ জৰিয়তে অতীতৰ বৰ্ণনাবোৰকো সংযোগ কৰি ৰাখিছে ৷
গুৰুত্বপূৰ্ণ যে চৌদি আৰু আন্তৰ্জাতিক শিল্পী যেনে ডানা আৱাৰটানি, শ্বেইখা আল মাজৰু আৰু জাহৰা আল ঘামদি চৌদি আৰৱৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা শিল্পীৰ লগতে ষ্টিফেনি নেভিল, চেন্দ্ৰা বুট্ৰোছ আৰু নিডানিন উডৱৰ্কৰ দৰে উদীয়মান শিল্পীসকলৰ দ্বাৰা এই শিল্প কৰ্ম উপস্থাপন কৰা হৈছে।
‘আমাৰ জীৱন্ত পৰম্পৰা’ শীৰ্ষক এটা অংশত, মাদ্ৰাছাট এড্ডিৰাৰ শিল্পীসকলে অৰ্ডাৰ অফ নেচাৰক ডিজাইন সঁজুলি হিচাপে অনুসন্ধান কৰিছে যি পৰম্পৰাগত কলা আৰু সংস্কৃতিৰ বাবে ভাষা কেনেদৰে অন্তৰ্নিহিত হয় তাকো প্ৰতিফলিত কৰে। তেওঁলোকৰ চিত্ৰবোৰে অঞ্চলটোত বিস্তৃত বিভিন্ন পৰম্পৰাগত কাৰুশিল্পৰ পৰা উদ্ভৱ হোৱা বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰে। যি আল চাদু বয়নৰ দৰে বস্ত্ৰ কৌশলৰ আধাৰ আৰু ইউনেস্কোৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত এক নতুন সংযোজন ৷