‘দাঁতি পাৰৰ মানুহ’ নামৰ আনুবাদ গ্ৰন্থখনৰ বাবে লেখিকা পৰি হিলৈদাৰীলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী সন্মান ৷ উল্লেখযোগ্য যে ‘দাঁতি পাৰৰ মানুহ’ নামৰ অনুবাদ গ্ৰন্থখন অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় ঔপন্যাসিক মামং দাইৰ ‘দ্য লেজেণ্ডছ অৱ পেনচাম’ উপন্যাসখনৰ অসমীয়া অনুবাদ।
আনহাতে এই বৰ্ষতে বড়ো সোহিত্যিক ইন্দিৰা বড়োক তেওঁৰ ‘হিড়িম্বা’ নামৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা হৈছে অনুবাদ বঁটা ৷ গ্ৰন্থখন ‘হিড়িম্বা’ শীৰ্ষক অসমীয়া উপন্যাসখনৰ বড়ো অনুবাদ। ‘হিড়িম্বা’ নামৰ অসমীয়া উপন্যাসখনৰ লেখক জয়ন্তী গোঁহাই।
এই দুয়োগৰাকী লেখিকাৰ লগতে সঞ্জীৱ উপাধ্যায়েও নেপালী ভাষাৰ অনুবাদৰ বাবে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী সন্মান লাভ কৰিছে। উপাধ্যায়ে ‘বাবু-ছোৰা’ শীৰ্ষক অনুবাদ গ্ৰন্থখনৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ এগৰাকী স্বনামধন্য লেখক আৰু সাংবাদিক হোমেন বৰগোঁহাঞিৰ বিখ্যাৎ অসমীয়া উপন্যাস ‘পিত্ৰা-পুত্ৰ’ৰ নেপালী অনুবাদ ‘বাবু-ছোৰা’।
তিনিওগৰাকী অনুবাদ সাহিত্যিককে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী সন্মানেৰে সন্মানিত কৰাৰ লগতে তেওঁলোকলৈ আগবঢ়োৱা হৈছে ৫০,০০০কৈ টকাৰ উপৰিও একোখন মানপত্ৰ ৷
উল্লেখযোগ্য যে ২০২১বৰ্ষৰ অনুবাদ সাহিত্যৰ বঁটাৰ বাবে সাইত্য অকাডেমীয়ে ২২টা ভাৰতীয় আঞ্চলিক ভাষাৰ মুঠ ২৩গৰাকী অনুবাদকক বাছনি কৰাৰ কথা ঘোষনা কৰিছে ৷ অৱশ্যে মৈথিলী ভাষাৰ বাবে বঁটা দুটা পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছে সাহিত্য অকাডেমীয়ে ৷
আনহাতে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমীৰ ভাষা সন্মান বঁটা আগবঢ়োৱা হৈছে অসমৰ বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ তথা শিশু সাহিত্যিক সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীলৈ ৷ পূৰ্বোত্তৰৰ পৰা গোস্বামীক ২০২০বৰ্ষৰ এই সন্মানৰ বাবে বাচনি কৰা হৈছে ৷ পূৰ্বোত্তৰৰ পৰা এই সন্মান লাভ কৰা অধ্যাপক গোস্বামীয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে অসমীয়া ভাষাৰ উপৰিও নাগামীজ,গাৰো আৰো বড়ো ভাষাৰ প’ষ্ট ডক্টৰেট গৱেষণা কৰিছে ৷ ইতিমধ্যে তেওঁ ইন্দিৰা গান্ধী মেম’ৰিয়েল ফেল’শ্বিপ,অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটাকে ধৰি বহু সন্মান তথা জলপান লাভ কৰিছে ৷