১৮ আৰু ১৯ অক্টোবৰ, ২০২২ তাৰিখে দৰ্পণ নৃত্য একাডেমীৰ উদ্যোগত অসমৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঞ্চস্থ কৰা হয় শোণিতপুৰৰ সংস্কৃতিৰ ওপৰত আধাৰিত এখন নৃত্যনাটিকা “শোণিতজ্যোতিকা” ৷ উক্ত নাটিকাখনৰ ৰচনা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত কনক চন্দ্ৰ শৰ্মাৰ ৷ আনহাতে মানিক ৰয়ৰ দ্বাৰা পৰিচালিত নৃত্যনাটিকাখনৰ নৃত্য পৰিচালনা অসমৰ এগৰাকী স্বনামধন্য নৃত্যপটিয়সী ড০ অঞ্জনা ময়ী ডেকাৰ। নাটিকাখনৰ সংগীত ব্যৱস্থাপনা মনদীপ মহন্তৰ লগতে পোহৰ আৰু ছেটিংছৰ দায়িত্বত অছিল ক্ৰমে ডিম্পল দাস আৰু শিৱম নাৰায়ণ ।
“শোণিতজ্যোতিকা” উপভোগ কৰি মন্ত্ৰমুগ্ধ হৈ পৰিছিল পেক্ষাগৃহৰ প্ৰতিজন দৰ্শক ৷ দলটোৰ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ পৰিবেশন আছিল অতি আকৰ্ষণীয় ৷ বিশেষকৈ মঞ্চত নৃত্যপটিয়সী ড০ অঞ্জনা ময়ী ডেকাৰ প্ৰদৰ্শনে আপ্লুত কৰিছিল প্ৰতিগৰাকী সংস্কৃতিপ্ৰেমীক ৷