সংস্কৃতি মানৱ সমাজৰ আধাৰ। সমাজৰ যিকোনো আচাৰ-ব্যৱহাৰৰ অভ্যাসেই সংস্কৃতিৰ ৰূপ প্ৰকাশ কৰে।মানুহ মাত্ৰেই ৰং-আনন্দত মতলীয়া হ’বৰ বাবে সুযোগ বিচাৰি ফুৰে। উৎসৱ বা পূজা-পাৰ্বণৰ জৰিয়তে আনন্দ-ফুৰ্তি কৰি বক্তিগত বা সামাজিকভাৱে মংগল কামনা কৰি মাংগলিক অনুষ্ঠান সমূহ অনুষ্ঠিত কৰি আহিছে অতীজৰে পৰা।তাৰ মাজতো কিছুমান অনুষ্ঠান আনন্দ-ফুৰ্তিতকৈ ৰাইজৰ উপকাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়।
ৰাভা সকলৰ বসন্তকালীন উৎসৱ হাছি ( মাৰাংগা ) :-
হাছি (মাৰাংগা ) হ’ল দুৰ্ভিক্ষ , অপায় – অমঙ্গল আৰু পাপ বা অধৰ্মৰ দেৱতা। সাধাৰণতে প্ৰতিবছৰে চ’ত মাহৰ কোনোবা এটা শনিবাৰ বা মংগলবাৰে গোটেই গাঁওবাসী লগলাগি বছৰটোৰ সকলো অপঘাত , অপকাৰ্য আৰু অপবাদ নোহোৱা কৰিবৰ কাৰণে এই পূজা অনুষ্ঠিত কৰে। ৰাভা জনগোষ্ঠী কৃষিজীবি। সেয়েহে গোটেই বছৰটোত নিয়মিত বৰষুণ আৰু অনুকুল পৰিৱেশৰ বাবে কামনা কৰি আৰু ৰাইজৰ উন্নতিৰ কাৰণে হাছি মাৰাংগা উৎসৱ অনুষ্ঠিত কৰা হয়।
উঁই পৰুৱাৰ শুকান বাহ , পুৰণি তিতা লাউৰ খোল , নতুন দীঘল নালযুক্ত বিচনী আদি বাঁহৰ খুটিৰ ওপৰত গুজি দিয়ে। তাৰ পিছত এজোপা ডাঙৰ গছৰ গুৰিত বা শিলত বেদী নিৰ্মান কৰি তাত মদ বাকি , বলিৰ তেজ আৰু পিঠাগুড়ি ছটিয়াই স্তুতি গীতেৰে প্ৰাৰ্থনা কৰি হাছি দেৱতাক পূজা দিয়াৰ নিয়ম। ঘৰৰ মুৰব্বী সকলে এই পূজাত অংশ গ্ৰহণ কৰে। মহিলা আৰু লৰা-ছোৱালীৱে এই পূজাত অংশ গ্ৰহণ কৰিব নোৱাৰেঁ বাবে নৃত্য-গীতৰ বিশেষ আয়োজন নাথাকে। বিশ্বাস আছে যে – হাছি দেৱতাক পূজা দিয়াৰ পিছত হে বতাহ-বৰষুণ হয় আৰু ঝুম খেতি বা আহু আদি আন আন খেতিৰ বাবে বতৰ উপযোগী হৈ পৰে।
গাঁও খনত মাৰি-মৰক , কটা-কটি- অপমৃত্যু বা অগ্নিদাহ হ’লে প্ৰতিকাৰৰ বাবে হাছি দেৱতাক অকালবোধন কৰি পূজা দিয়াও প্ৰচলিত আছে।
ৰোন্তাক বা মাম্বেবাকায় (লক্ষ্মী পূজা):-
অতীজতে ফাগুন -চ’ত মাহত ৰাভা সকলে ঝুমতলী মোকলাই নানা ধৰণৰ আলু-কচু , আহুধান , লাউ-বেঙেনা আদিৰ খেতি কৰিছিল। এই খেতি কৰাৰ পূৰ্বে তেওঁলোকে ৰাজহুৱা ভাৱে ৰোন্তাক বা বামাচাৰি দেৱীক আৰাধনা কৰে। মায়তাৰি ৰাভা সকলে নদী বা নিজৰাপাৰত থান প্ৰস্তুত কৰে ।আগৰ দিনাখন সকলো গৃহস্থই ঘৰ-দুৱাৰ মচি শুদ্ধ কৰি লয় আৰু সেইদিনা খনেই দেউৰীৰ ঘৰত মদ পতা হয় গতিকে দেউৰীয়ে সিদিনাৰ পৰা উপবাসে থাকিব লাগে। পূজাৰ দিনাখন ঘৰৰ মুৰব্বী সকলে পূজাৰ বলিৰ লগতে এখৰাহীকৈ নিজৰ ভঁৰালৰ ধান নি পূজাৰ বেদীত শাৰী পাতি থৈ দিয়ে। নতুনকৈ প্ৰস্তুত কৰা সৰু সৰু নাঙল-যুৱলিৰে হাতেৰে টানি ঠাইখিনি চহাই লয় ।
ৰোন্তাক দেৱীৰ উদ্দেশ্যে কুকুৰা কাটি বলি দিয়াৰ পিছত প্ৰতিটো খৰাহীৰ পৰা এমুঠি ধান আনি মাটি টুকুৰাত সিঁচি দিয়া হয় আৰু কৃষিৰ অধিষ্ঠাত্ৰী বসুমতী দেৱীক প্ৰাৰ্থনা কৰা হয়। সন্ধিয়া পূজাৰ সামৰণি পৰে । প্ৰতি ঘৰৰে একোজনী কুমাৰী ছোৱালীয়ে নতুন কাপোৰ পিন্ধি নিজৰ ধানৰ খৰাহীটো বোকোচাত লৈ মৌনভাৱে ঘৰলৈ আহি ভঁৰালত স্থাপন কৰে আৰু চাকি-বন্তি জ্বলাই দেৱী গৰাকীক প্ৰাৰ্থনা কৰে। পূজাত থানত সিঁচি থৈ অহা ধান গজিলেহে ৰাইজে নিজৰ পথাৰত ধান সিঁচা কাম আৰম্ভ কৰে। বোকোচাত বান্ধি অনা বাবে এই পূজাক ‘মাম্বেবাকায়’ বুলি কোৱা হয়।
আনহাতে কোচ ৰাভাসকলে ঘৰৰ ভাত ৰন্ধা কোঠালিত পাতি থৈ দিয়া চাউল পূৰ্ণ পাত্ৰ দুটাকে দেৱী জ্ঞান কৰি তিনিদিন ধৰি ইয়াক উদযাপন কৰে।ৰাইজৰ উপস্থিতিত হয় বাবে এই পূজা ব্যক্তিগত হৈও ৰাজহুৱা পূজাৰ মৰ্যদা লাভ কৰিছে। অতীজতে ফাগুন -চ’ত মাহত এই পূজা হৈছিল যদিও আজিকালি হোলীৰ দিনাখনে পূজা অনুষ্ঠিত কৰা হয়।