ভাৰতবৰ্ষ এনে এখন দেশ যি দেশে সংস্কৃতি-পৰম্পৰাই যুগে যুগে সকলোকে আকৰ্ষিত কৰি আহিছে ৷ কিন্তু এই চহকী ঐতিহ্য পৰম্পৰাৰ লগতে আমাৰ দেশত এনে কিছু পৰম্পৰাও আছে যিবোৰ কিছু আচহুৱা হোৱাৰ লগতে সহজে মানিব ল’বলৈ টান ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহে কোনোবা নহয় কোনোবা এটা পৰম্পৰা অনুসৰণ কৰে ৷ আমাৰ দেশ ভাৰতবৰ্ষও তাৰ ব্যতিক্ৰম নহয় ।কিন্তু আজি আপোনালোকক এনে এক অনন্য প্ৰথাৰ বিষয়ে জনাব খুজিছোঁ যি প্ৰথাৰ বিষয়ে জানি আপোনালোক সকলো স্তম্ভিত হ’ব।
ভাৰতবৰ্ষত মংগলসূত্ৰ, সেন্দুৰ,অলংকাৰ আদি এগৰাকী সধৱা নাৰীৰ প্ৰতীক ৷ দেশৰ যিকোনো বিবাহিত মহিলাৰ বাবে ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কিন্তু আমাৰ দেশতে এনে এটা সম্প্ৰদায়ো আছে য’ত প্ৰতি বছৰে কিছুদিন সধবা হৈ থকাৰ পিছতো এগৰাকী স্বামীহীন নাৰীৰ দৰে থাকে নাৰীসকল ৷
হিন্দু ধৰ্মত বিবাহৰ পিছত বিবাহিত নাৰীয়ে, ফোঁট , জেতুকা ,মংগলসূত্ৰ, খাৰু আদি বস্তুৰে নিজৰ শোভা বৃদ্ধি কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। ভাৰতীয় নাৰীয়ে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে ষোল্লবিধ অলংকাৰ পৰিধান কৰি উপবাস কৰে বুলিও বিশ্বাস কৰা হয় যদিও স্বামী জীয়াই থকাৰ সময়তে প্ৰতি বছৰে কিছু দিন বিধৱা হিচাপে জীৱন যাপন কৰে এই মহিলাসকলে।
ভাৰতৰ পূব-উত্তৰ প্ৰদেশত বাস কৰা এটা জনগোষ্ঠী হ’ল গচৱাহা জনগোষ্ঠী । এই ‘গাচৱাহা’ সম্প্ৰদায়ৰ মহিলাসকলে দীৰ্ঘদিন ধৰি এই প্ৰথা অনুসৰণ কৰি আহিছে।এই সম্প্ৰদায়ৰ মহিলাসকলে স্বামী জীয়াই থকাৰ সময়তো প্ৰতি বছৰে ৫ মাহ স্বামীহীন নাৰীৰ দৰে বগা সাজ-পোচাক পৰিধান কৰে । কাৰণ তেওঁলোকে প্ৰতি বছৰে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি বিধৱা হিচাপে জীৱন কটায়।
আচলতে এই সম্প্ৰদায়ৰ পুৰুষসকলে পাঁচ মাহ ধৰি গছৰ পৰা খেজুৰৰ ৰস উলিওৱা কামত ব্যস্ত থাকে । এই সময়ছোৱাত তেওঁলোকৰ পত্নী অৰ্থাৎ এই সম্প্ৰদায়ৰ মহিলাসকলে সধবা নাৰীৰ সাজ পৰিত্যাগ কৰি স্বামীহাৰা নাৰীৰ দৰে জীৱন কটায়। যিসকল মহিলাৰ স্বামী খেজুৰৰ ৰস উলিয়াবলৈ যায় সেই সময়ত মহিলাসকলে কঁপালত ফোঁট নলয় আৰু কোনো ধৰণৰ প্ৰসাধন নকৰে।
গচৱাহা সম্প্ৰদায়ৰ লোকসকলে তৰকুলা দেৱীক কুলদেৱী হিচাপে পূজা কৰে। সমাজৰ সকলো পুৰুষে যেতিয়া গছৰ পৰা ৰস উলিওৱা কাম কৰে, সেই সময়ত তেওঁলোকৰ পত্নীসকলে তেওঁলোকৰ সকলো অলংকাৰ দেৱীৰ মন্দিৰত অৰ্পণ কৰে ।
প্ৰকৃততে পুৰুষসকলে যিবোৰ গছ (কলগছ)ৰ পৰা ৰস উলিয়াবলৈ যায় সেইবোৰ গছ সাধাৰণতে বহুত ওখ আৰু সামান্য কিবা এটা ভুল হ’লেও গছৰ পৰা পৰি এজন মানুহৰ সহজেই মৃত্যু হ’ব পাৰে। সেয়েহে ইয়াৰ মহিলাসকলে কুলদেৱীৰ ওচৰত স্বামীৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে আৰু তেওঁৰ মন্দিৰত অলংকাৰ ৰাখে। এই সম্প্ৰদায়ৰ লোকসকলে বিশ্বাস কৰে যে যেতিয়া নাৰীয়ে কুলদেৱীৰ প্ৰতি উৎসৰ্গিত তেওঁলোকৰ শৃংগাৰৰ সন্মুখীন হয়, তেতিয়া কুলদেৱী সন্তুষ্ট হয় আৰু বহু মাহৰ কষ্টৰ অন্তত তেওঁলোকৰ স্বামীসকল নিৰাপদে উভতি আহে।