‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা ফল-মূল , ‘আয়ে’ মানে গছৰ গুটি বা ফল আৰু ‘লৃগাং’ মানে হ’ল সিঁচিবলৈ আৰম্ভ কৰা। অৰ্থাৎ আলি-আয়ে লৃগাং মানে হ’ল শস্য সিঁচাৰ প্ৰথমদিন।
মিচিং সকলৰ ঋতুকালীন উৎসৱ সমূহৰ ভিতৰত আলি -আয়ে-লৃগাং উৎসৱ অন্যতম। মিচিং সকলৰ অতিকৈ চেনেহৰ , তাতোকৈ মৰমৰ কৃষিভিত্তিক বসন্তকালীন উৎসৱ আলি-আয়ে-লৃগাং জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ। বসন্ত ঋতুৰ আগমনৰ লগে লগে মিচিং সকলে কৃষি কৰ্মত আত্মনিয়োগ কৰাৰ উদ্দেশ্যৰে প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱটি পালন কৰি আহিছে।
ফাগুন মাহৰ প্ৰথম বুধবাৰত লৃগাং উৎসৱ অনুষ্ঠিত হ’লেও ইয়াৰ প্ৰস্তুতি আৰম্ভ হয় প্ৰায় ১৫/২০ দিন আগৰে পৰা।
পূৰ্বতে মিচিং সকলে সমূহীয়াকৈ চিকাৰ কৰিছিল আৰু চিকাৰ কৰি অনা মাংস লৃগাঙৰ কাৰণে শুকুৱাই ৰাখিছিল। সেইদৰে চিকাৰৰ লগতে নদী-বিল আদিত মাছ মাৰি শুকুৱাই থয় আৰু উৎসৱৰ নিৰ্দিষ্ট দিনটোত শুকান মাছ বা মাংস খোৱাটো তেওঁলোকৰ পৰম্পৰা। লৃগাং উৎসৱত আপং ব্যৱহাৰ কৰা হয়। আপঙৰ প্ৰস্তুতিও মহিলা সকলে ১৫ দিন মান আগৰে পৰা আৰম্ভ কৰে। আলি-আয়ে-লৃগাঙৰ বাবে প্ৰয়োজনীয় আপং তিনি সপ্তাহ মান আগৰে পৰা আৰম্ভ কৰে। লৃগাঙৰ দুই-তিনি দিন মান আগৰে পৰাই কৌ-পাত , তৰাপাত কাটি অনা , খৰি সংগ্ৰহ কৰা কামবোৰ সম্পন্ন কৰি এই বিশেষ দিনটোৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থাকে মিচিং সমাজে। সমূহীয়া ভাৱে এই কামবোৰ কৰাত তেওঁলোকৰ ভাতৃত্ববোধ আৰু ঐক্য মনৰ নিদৰ্শণ দেখিবলৈ পোৱা যায়।
মিচিংসমাজৰ জনবিশ্বাস মতে , বুধবাৰতো অতিকৈ শুভ আৰু শক্তিশালী দিন। সেয়েহে এই বিশেষ দিনটোত পুৱা বা আবেলি লৃগাঙৰ বাবে নিৰ্বাচিত ঠাইডোখৰত বৰাচাউল বা আন চাউল তৰা পাতেৰে টোপোলা বান্ধি সিজোৱা হয়। তৰাপাত ব্যৱহাৰ কৰি সিদ্ধ কৰি প্ৰস্তুত কৰা এই বিশেষ ভাতক ‘পৰাং’ বা ‘পুৰাং আপিন’ বোলা হয়। ‘পুৰাং’ আৰু বিভিন্ন ব্যঞ্জন ‘উৰম আপিন’ অৰ্থাৎ প্ৰেতাত্মালৈ আগবঢ়ায়। পূৰ্ব-পুৰুষ সকলৰ আত্মাই যাতে কষ্ট নাপায় আৰু সদায় তেওঁলোকৰ সতি- সন্তান বোৰৰ মংগল কামনা কৰি থাকে সেই উদ্দেশ্য আগত ৰাখি মাছ-মাংস , আপং আদিবোৰ তেওঁলোকৰ ইষ্টদেৱতা আৰু পূৰ্ব-পুৰুষৰ স্মৃতিত উছৰ্গা কৰে।
আলি-আয়ে-লৃগাঙৰ দিনা কাহিলীপুৱাতে ঘৰৰ গিৰীহঁতে পথাৰলৈ গৈ কঠীয়া সিঁচি আহে আৰু খেতিৰ লগত জৰিত ব্যৱহাৰ কৰা দা-কোৰবোৰক আপঙেৰে ধুৱাই দিয়াৰ পাছত চাঙত তুলি থৈ দিয়ে। মিচিং সমাজে বিশ্বাস কৰে যে আলি -আয়ে-লৃগাঙৰ দিনা সেইবোৰ অস্ত্ৰ ব্যৱহাৰ কৰিলে অমংগল হয়। এয়া মিচিং সমাজৰ সুন্দৰ লোকবিশ্বাস।
আলি-আয়ে-লৃগাং উৎসৱত নচা নৃত্যক ‘গুমৰাগ পাকচ’ বুলি কোৱা হয় আৰু লৃগাঙত গোৱা নি-তম বা গীতক ‘বৃঃৰগ নিঃতম’ বোলা হয়। লৃগাঙৰ দিনা সকলো মিচিং লোকে পৰম্পৰাগত পোছাক পিন্ধি লৃগাঙৰ নৃত্যত অংশগ্ৰহণ কৰে। দিনত যি স্থানত লৃগাঙৰ পূজা হৈছিল , তাত নিশাৰ ভাগত ডেকা -গাভৰু সকলে ঐনিতম বা বিহুগীত পৰিৱেশন কৰি নৃত্য কৰাৰ লগতে গুমৰাগ নৃত্য ঘৰে ঘৰেও পৰিৱেশন কৰা হয়। লোক-বিশ্বাস আছে যে এইদৰে নৃত্য-গীত পৰিৱেশন কৰিলে বসুমতী সন্তুষ্ট হয় আৰু পৃথিৱীলৈ বৰষুণ নামি আহি শষ্য গজি উঠাত সহায়ক হয়।
মিচিং সকলৰ আলি-আয়ে লৃগাং লোকবিশ্বাস আধাৰিত আনন্দ উলাহৰ এক অনুষ্ঠান। এই উৎসৱ কেৱল শষ্য সিঁচাৰ উদ্দেশ্যই পালন কৰে এনে নহয় , সামাজিক ঐক্য , আত্মীয়তা , চিন্তাচৰ্চা , ধ্যান-ধাৰনা , একতা , ভাতৃত্ববোধ আৰু সমন্বয় সাধনতো বিশেষ ভূমিকা পালন কৰি আহিছে আলি-আয়ে-লৃগাঙে।